শোণিতপুৰ,১৫ জুনঃতেজপুৰত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠণে ধাৰাবাহিকভাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে।আজিও তেজপুৰত নীৰিহ ৰাইজৰ লগতে বিভিন্ন দল সংগঠণৰ প্ৰতিনিধিয়ে প্ৰতিবাদ সাব্যস্ত কৰে।আজি তেজপুৰৰ কৰ্ট চাৰিআলিত সমবেত ৰাইজে “স্মাৰ্ট মিটাৰ বন্ধ কৰক,এ পি ডি ছি এলৰ শোষণ বন্ধ কৰক,মুখ্যমন্ত্ৰীয়ে চকু মেলক “আদি বিভিন্ন ধৰ্ণা দিয়ে।পিছত ৰাইজে স্মাৰ্ট মিটাৰৰ বিপক্ষে গণ স্বাক্ষৰ সংগ্ৰহ অভিযান আৰম্ভ কৰে।আনহাতে ৰাইজে এখন স্মাৰক পত্ৰ শোণিতপুৰ জিলাৰ উপায়ুক্তৰ জড়িয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এ পি ডি ছি এলৰ উৰ্ধতন কৰ্তৃপক্ষলৈ প্ৰেৰণৰ ব্যবস্থা কৰে।লক্ষণীয় কথাটো হ’ল তেজপুৰৰ অগপ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ ভাতৃ হেমৰাজ ৰাভাই আজি প্ৰতিবাদী কাৰ্যসূচীত সহযোগ কৰি স্মাৰ্ট মিটাৰৰ বিৰোধ কৰে।










