লখিমপুৰ,১৬ জুনঃ বছৰৰ প্ৰথমটো বানে লখিমপুৰ জিলাত জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে। জিলাখনৰ বিভিন্ন প্ৰান্তত আজিও ন ন অঞ্চল প্লাবিত হোৱাৰ খবৰ আহি আছে৷ ইফালে বুধবাৰে জিলাখনৰ নাওবৈচা ৰাজহ চক্ৰৰ শ’লমৰীয়াত শিঙৰা নদীয়ে সোঁপাৰৰ মথাউৰিৰ প্ৰায় ১০০ মিটাৰ অংশ ছিঙি নিয়াৰ পিছত সেই অঞ্চলৰ বান পৰিস্থিতিয়ে আজি জটিল ৰূপ ধাৰণ কৰে৷ শিঙৰা নদীৰ বাঢ়নী পানীয়ে দ’লহাট-বৰছলা সংযোগী গড়কাপ্তানী পথটোৰ প্ৰায় ২ কিলোমিটাৰ অংশ প্লাৱিত কৰি পথটো বিধ্বস্ত কৰি পেলাইছে৷ একেদৰে নদীখনৰ মূল গতিপথ এতিয়া একাংশ লোকৰ ঘৰ আৰু বাৰীৰে প্ৰৱল সোঁতেৰে ববলৈ ধৰাত ৰাইজৰ মাজত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ শ’লমৰীয়া অঞ্চলৰ নিকটৱৰ্তী প্ৰায় ১২ খন গাঁৱত শিঙৰাৰ সংহাৰী বানে তাণ্ডৱ সৃষ্টি কৰাত সমগ্ৰ অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নদীৰ বাঢ়নী পানীয়ে নিমিষতে বহু লোকৰ ঘৰ-দুৱাৰ উটুৱাই নিয়াৰ লগতে বহু পশুধন, মৎস্য পালনৰ পুখুৰী আদিৰ বিস্তৰ ক্ষতি সাধন কৰিছে। পুখুৰীৰ মাছসমূহ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ লগতে শ শ পৰিয়ালৰ বাৰীৰ শাক-পাচলি, তামোল-পাণ আদি বুৰাই পেলায়৷ আনহাতে শ’লমৰীয়াত নাওবৈচা ৰাজহ চক্ৰ বিষয়া উপস্থিত হোৱাৰ সময়ত চক্ৰ বিষয়া ৰাহুল পেগুক বন্যাক্ৰান্ত লোকসকলে আৱদ্ধ কৰি তীব্ৰ ক্ষোভ উজাৰে৷ এই পৰ্যন্ত সেই অঞ্চলত বান সাহাৰ্য লাভ নকৰা বুলি বন্যাক্ৰান্ত সমকলে ক্ষোভ ব্যক্ত কৰাৰ লগতে শীঘ্ৰে বন্যাৰ্ত সকলক বান সাহাৰ্য প্ৰদানৰ দাবী জনায়৷ বন্যাৰ্ত ৰাইজৰ অভিযোগ বুধবাৰে দুপৰীয়াৰ ভাগতে শিঙৰা নদীয়ে মথাউৰি ভাঙি এক প্ৰকাৰে প্ৰলয়ৰ সৃষ্টি কৰাৰ পাছতো লখিমপুৰ জিলা প্ৰশাসনে কেৱল মাত্ৰ চমুৱা, দৰঙীয়া আৰু শ’লমৰীয়াৰ একাংশ বন্যাৰ্তকহে সাহাৰ্য প্ৰদান কৰাৰ বিপৰীতে বানাক্ৰান্ত নিকটৱৰ্তী গাঁওসমূহ বিশেষকৈ বালিজান, বালিটিকা, কোঁৱৰপুৰ, ৰাজআলি, কুটুকাই আদি কেবাখনো গাঁৱে এই পৰ্যন্ত চৰকাৰী বান সাহাৰ্য লাভ কৰা নাই৷ সমান্তৰাল ভাৱে পশুধন সমূহৰ ক্ষেত্ৰতো চৰকাৰী ভাৱে কোনো ধৰণৰ পশু খাদ্যৰ ব্যৱস্থা নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ ইফালে বানাক্ৰান্ত অঞ্চলসমূহত বিশুদ্ধ খোৱাপানীৰ অভাৱত ৰাইজে দূষিত পানীকে সেৱন কৰিব লগীয়া হৈছে৷ আনহাতে শ’লমৰীয়াত শিঙৰা নদীয়ে মথাউৰি ছিঙি নিয়াৰ ফলত এইবাৰ অঞ্চলটোত কেইবা সহস্ৰাধিক লোক বানৰ কবলত পৰিছে৷ লখিমপুৰ জিলা প্ৰশাসনে মথাউৰি বিছিন্ন হোৱাৰ পিছতে বন্যাৰ্তৰ বাবে আশ্ৰয় শিবিৰৰ ব্যৱস্থা নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে। বহুলোকে জলবন্দী হৈ অনাহাৰে দিন পাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ সমগ্ৰ অঞ্চলটোত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে বন্যাৰ্ত লোকসকলে হাহাকাৰ কৰি আহিছে যদিও এইক্ষেত্ৰত প্ৰশাসনৰ কোনো গা লৰা নাই। ইফালে বুধবাৰে সোৱণশিৰি নদীৰ বাঢ়নী পানীত এজন লোক সন্ধানহীন হৈ পৰে৷ সোৱণশিৰি নদীৰ হাতীয়েমৰা ঘাটত নাঁৱৰ পৰা পৰি ভীমপৰা নামনি দৰ্গে গাঁৱৰ ৰচিনাথ নৰহৰ পুত্ৰ অতুল নৰহ সন্ধানহীন হয়।










