গুৱাহাটী,১৮ জুনঃ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত চৰকাৰে হঠাতে বৃদ্ধি কৰিলে মাটিৰ চৰকাৰী মূল্য। অলপতে জাৰী কৰা এক জাননী যোগে চৰকাৰে গুৱাহাটী মহানগৰীত মাটিৰ চৰকাৰী মূল্য দুশ শতাংশ পর্যন্ত বৃদ্ধি কৰিছে। যাক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া। কেৱল গুৱাহাটী
মহানগৰীতে নহয় ৰাজ্যৰ আন প্ৰান্ততো এশ শতাংশ পর্যন্ত মাটিৰ মূল্য বৃদ্ধি কৰিছে ৰাজহ বিভাগে। ভূমিৰ চৰকাৰী মূল্য বৃদ্ধিৰ ফলত চৰকাৰী পঞ্জীয়ন মাচুল তথা ফ্লেটৰ বৰ্গফুটৰ চৰকাৰী মূল্যও বৃদ্ধি পাব।
গুৱাহাটী মহানগৰীত বর্তমান ভূমি পঞ্জীয়ন মাচুল ৯ শতাংশ স্থিৰ হৈ আছে। স্বাভাৱিকতে ভূমিৰ মূল্য ২০০ শতাংশ বৃদ্ধিৰ ফলত পঞ্জীয়ন মাচুলো পূৰ্বৰ তুলনাত আকাশলংঘী হৈ পৰিব। এফালে চৰকাৰে বসুন্ধৰা-২ৰ যোগেদি খিলঞ্জীয়া লোকক ভূমিৰ পট্টা দিয়াৰ বাবে উদ্যোগ গ্ৰহণ কৰাৰ বিপৰীতে মাটিৰ চৰকাৰী মূল্য বৃদ্ধি কৰি কৰৰ বোজা জাপি দিছে। জনতাক বিপর্যস্ত কৰি শূন্য ৰাজভঁৰাল টনকিয়াল কৰাৰ এয়া চৰকাৰী চক্রান্ত বুলি অভিযোগ উঠিছে৷ গুৱাহাটীৰ পাঁচটা ৰাজহ চক্ৰৰ কাৰ্যালয় ক্ৰমে গুৱাহাটী, দিছপুৰ, সোণাপুৰ, চন্দ্ৰপুৰ আৰু আজাৰাত মাটিৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি কৰিলে ৰাজহ বিভাগে। এই ভূমিৰ নতুন মূল্য তালিকা ৰাজহ বিভাগে মে’ মাহতে কামৰূপ মহানগৰ জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰিছে। সেই অনুসৰি ঔদ্যোগিক অঞ্চল, ব্যৱসায়িক অঞ্চল, আবাসিক অঞ্চল, ৰাষ্ট্ৰীয় ঘাইপথৰ এশ মিটাৰ ভিতৰত, মুখ্য পথৰ এশ মিটাৰ ভিতৰত, লোকনিৰ্মাণ বিভাগৰ পথৰ সমীপ আদি কেইবাটাও শ্ৰেণীত গুৱাহাটীৰ মাটিৰ মূল্য নতুনকৈ নিৰ্ধাৰণ কৰা হৈছে। ঔদ্যোগিক স্থানত ১.৫০ কোটি, মুখ্য পথৰ সমীপত ৪.৮০ কোটি, লোকনির্মাণ বিভাগৰ পথৰ সমীপত ৫
কোটিলৈকে প্রতি বিঘা ভূমিৰ মূল্য নিৰ্ধাৰণ কৰিছে ৰাজহ বিভাগে। দিছপুৰত ঔদ্যোগিক স্থানত ২.৫০ কোটি, মুখ্য পথৰ এশ মিটাৰ ভিতৰত ৭.৮০ কোটি, মুখ্য পথৰ এশ মিটাৰ বাহিৰত ৭.৭০ কোটি, লোকনিৰ্মাণ বিভাগৰ পথৰ এশ মিটাৰ ভিতৰত ৭.৬০ কোটি, লোকনির্মাণ বিভাগৰ পথৰ এশ মিটাৰৰ বাহিৰত ৭.৫০ কোটি টকা পর্যন্ত প্রতি বিঘা মাটিৰ
মূল্য নতুনকৈ ধার্য কৰা হৈছে। ইফালে কাহিলিপাৰাত প্ৰতি বিঘা ভূমি ব্যৱসায়িক স্থানত ১ কোটি, মুখ্য পথৰ এশ মিটাৰ ভিতৰত ২.৮০ কোটি, মুখ্য পথৰ এশ মিটাৰ বাহিৰত ২.৭০ কোটি, লোকনির্মাণ বিভাগৰ এশ মিটাৰৰ ভিতৰত ২.৬০ কোটি, লোক নিৰ্মাণ বিভাগৰ এশ মিটাৰৰ বাহিৰত ২.৫০ কোটি টকা মূল্য নিৰ্ধাৰণ কৰিছে ৰাজহ বিভাগে। সেইদৰে বশিষ্ঠত ভূমিৰ মূল্য প্রতি বিঘাত ৪.২০ কোটি, মঠঘৰীয়াত ৬.৩০ কোটি, নুনমাটিত ২.৭৭ কোটি, হেঙেৰাবাৰীত ৫.৭০ কোটি, গীতানগৰত ৪.৩৫ কোটি, হাতীগাঁৱত ২.৮০ কোটি, জ্যোতিকুছিত ৩.৩০ কোটি, খাৰঘুলিত ২.৭০ কোটি, বোন্দাত ২.৭০ কোটি, ফটাশিলত ৪.৮০ কোটি, বর্ষাপাৰাত ৪.৮০ কোটি, সৰুমটৰীয়াত ৮.৭০ কোটি, ৰুক্মিণীগাঁৱত ৭.২০ কোটি, দ্বাৰকানগৰত ৬.৩০ কোটি, খানাপাৰাত ৫ কোটি, সাতগাঁৱত ৩.৯০
কোটি, কলিতাকুছিত ২.৭০ কোটি, বাঘৰবড়িত ৩.৩০ কোটি, ওদালবাক্রাত ৪.২০ কোটি, ধলদমাত ৩.৩০ কোটি, জনশিমলুত ১.৬৫ কোটি টকা পর্যন্ত প্রতি বিঘা ভূমিৰ মূল্য ৰাজহ বিভাগে নতুনকৈ নিৰ্ধাৰণ কৰিছে। লক্ষণীয় বিষয় যে এই মূল্য ২০২৫ চনলৈকেহে নিৰ্ধাৰণ কৰা হৈছে। অৰ্থাৎ ২০২৫ চনৰ পিছত পুনৰ বৃদ্ধি পাব ভূমিৰ চৰকাৰী মূল্য।