গুৱাহাটী,২৩ জুনঃ অসমীয়া শিশু সাহিত্যৰ জনপ্ৰিয় চৰিত্ৰ “চিচিং”ৰ স্ৰষ্টা আৰু শিশুৰ বাবে প্ৰথম ভ্ৰমণ কাহিনী “বিদেশী বন্ধুৰ দেশত” গ্ৰন্থৰ লেখক ৰথীন্দ্ৰ নাথ গোস্বামীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমী শিশু সাহিত্য বঁটা। চলিত বৰ্ষৰ বাবে ৰথীন্দ্ৰ নাথ গোস্বামীলৈ শিশু সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে। “পোৱালমণি আৰু চিচিঙৰ দু:সাহসিক অভিযান” উপন্যাসখনৰ বাবে গোস্বামীলৈ এই বঁটা আগবঢ়োৱা হৈছে। উল্লেখ্য যে শান্তনু তামুলীৰ দ্বাৰা সম্পাদিত জনপ্ৰিয় মাহেকীয়া শিশু আলোচনী ‘মৌচাক’ৰ যোগেদি চিচিং নামৰ চৰিত্ৰটিয়ে পাঠকৰ মনত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ইফালে আজি লগতে ঘোষণা কৰা হয় সাহিত্য অকাডেমীৰ যুৱ সাহিত্য অকাডেমী (অসমীয়া) ২০২৩ বঁটা। তৰুণ গল্পকাৰ জিন্তু গীতাৰ্থলৈ আগবঢ়োৱা হৈছে যুৱ সাহিত্য অকাডেমী বঁটা। “মন মৰা তৰা” নামৰ চুটিগল্পৰ কিতাপখনৰ বাবে জিন্তু গীতাৰ্থলৈ এই বঁটা আগবঢ়োৱা হৈছে।