হাউলী, ২৪ জুনঃবৰপেটা জিলাৰ বিভিন্ন অঞ্চলৰ বানাক্ৰান্তৰ আশ্ৰয় শিবিৰত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ । নামনি অসমৰ বহুকেইখন জিলাৰ লগতে বৰপেটা জিলা ইতিমধ্যে প্ৰৱল বানৰ কবলত পৰিছে। বৰপেটা জিলাৰ অন্তৰ্গত সৰুক্ষেত্ৰী সমষ্টি আৰু বৰপেটা সদৰ সমষ্টিৰ লগতে কেইবাখনো সমষ্টিৰ ৰাইজে ভয়ানক বানৰ সন্মুখীন হৈছে । তদুপলক্ষে আজি আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কালজাৰৰ হেলনাৰপাম ¸ বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জাৰাবাৰী হৈ কয়াকুছিস্থিত কয়াকুছি মহাবিদ্যালয়ৰ অডিটৰিয়াম হল ¸ কয়াকুছি কনিষ্ঠ মহাবিদ্যালয় আৰু কয়াকুছি মহাবিদ্যালয়ৰ বান আক্ৰান্ত শিবিৰ পৰ্যবেক্ষণ কৰি ৰাইজৰ দুখ-বেদনাৰ খবৰ লয় । যোৱাকালি বৰপেটা জিলা আমছুৰ সভাপতি আব্দুল জুব্বাৰ আলীৰ নেতৃত্বত কয়াকুছি মহাবিদ্যালয়ৰ আশ্ৰয় শিবিৰত কিছু ত্ৰাণ সামগ্ৰী বিতৰণ কৰা হৈছিল । আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ ‘আমছু’ৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে বৰপেটা জিলাৰ বানাক্ৰান্ত লোকৰ বিভিন্ন অঞ্চলৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ বানাক্ৰান্ত লোকৰ দুখ দুৰ্দশাৰ বুজ লয় । কয়াকুছি মহাবিদ্যালয়ৰ আশ্ৰয় শিবিৰতো ৰেজাউল কৰিম চৰকাৰে উপস্থিত হৈ বানাক্ৰান্ত লোকৰ খবৰ লয় লগতে কিছু শিশুৰ খাদ্য সামগ্ৰীও বিতৰণ কৰে । ৰেজাউল কৰিম চৰকাৰৰ লগত সহযোগ কৰে আমছুৰ কেন্দ্ৰীয় সমিতিৰ অন্যান্য বিষয়ববীয়া আৰু বৰপেটা জিলা আমছুৰ সভাপতি আব্দুল জুব্বাৰ আলী, জিলাৰ সহকাৰী সম্পাদক শ্বৰীফুল ইছলামৰ লগতে জিলা আমছুৰ বিভিন্ন বিষয়ববীয়া আৰু কয়াকুছি আঞ্চলিক সমিতিৰ বিভিন্ন বিষয়ববীয়া । সজাতি দলটোক সংগ দি মত-বিনিময় কৰে স্থানীয় সংবাদকৰ্মী তথা কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদ আৰু সচেতন শুভাকাংক্ষীয়ে । আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কয় যে, বৰ দুখ লগা পৰিবেশ ,বৰপেটা জিলাৰ বিভিন্ন অঞ্চল ভয়ানক বানৰ কবলত পৰিছে । লগতে কয়াকুছিত উপস্থিত হৈ কয়াকুছি মহাবিদ্যালয়ৰ আশ্ৰয় শিবিৰত কোনো মেডিকেল কেম্পৰ ব্যৱস্থা নেদেখি ৰেজাউল কৰিম চৰকাৰে শংকিত হৈ পৰে কিয়নো এনে বান পানীত বানাক্ৰান্ত লোকৰ মাজত স্বাস্থ্য আৰু খাদ্য সম্পৰ্কীয় সচেতনতা নাথাকিলে বেমাৰ হোৱাৰ সম্ভাৱনা থাকিব । ৰেজাউল কৰিম চৰকাৰে চৰকাৰী বিভাগীয় কৰ্তৃপক্ষ বানাক্ৰান্ত আৰু আশ্ৰয় শিবিৰত থকা লোকক যাবতীয় ব্যৱস্থা কৰি দিবলৈ আহ্বান জনায় ।