গুৱাহাটী,১ জুলাইঃ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’ল সুৰক্ষা বাহিনীয়ে ২৭ জুনৰ পৰা ২৯ জুনৰ ভিতৰত চলোৱা
নিয়মীয়া অনুসন্ধান আৰু অভিযানৰ সময়ত যাত্ৰীৰ সামগ্ৰী চুৰি কৰাৰ সৈতে জড়িত ১৩ জন লোকক কৰায়ত্ত কৰে। বিভিন্ন ষ্টেচন আৰু ৰে’লত চলোৱা এই পৰীক্ষণৰ সময়ত সুৰক্ষা বাহিনীয়ে কাটিহাৰ, নিউ জলপাইগুড়ী, দলগাওঁ, কামাখ্যা আৰু গুৱাহাটীৰ ৰেল ষ্টেচনৰ পৰা প্ৰায় ১,৯২,০০০ টকাৰ মূল্যৱান সামগ্রী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ২৯ জুনত সংঘটিত এক ঘটনাত নিউ জলপাইগুড়ীৰ আৰ পি এফ এছকটিং দলে এজন যাত্রীৰ অভিযোগৰ ভিত্তিত অভিযান চলাই ৰেল নং ১৫৬৫৮ (ব্ৰহ্মপুত্র মেইল)ৰ পৰা
১০,০০০ টকা মূল্যৰ চুৰি হোৱা মোবাইল ফোনৰ সৈতে ২ জনক কৰায়ত্ত কৰে। কৰায়ত্ত কৰা লোক দুজনক ডি আৰ চি/কাটিহাৰৰ ভাৰপ্ৰাপ্ত বিষয়াক পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে গতাই দিয়া হয়। আনহাতে ২৮ জুনত সংঘটিত আন এটা ঘটনাত কাটিহাৰ ৰেল ষ্টেচনত চলোৱা নিয়মীয়া অনুসন্ধান আৰু অভিযানৰ সময়ত কাটিহাৰৰ আৰ পি এফৰ চিপিডিএছ (অপৰাধ প্ৰতিৰোধ আৰু চিনাক্তকৰণ স্কোৱাড) দলে ৩ জন লোকক কৰায়ত্ত কৰে আৰু যাত্ৰীৰ পৰা চুৰি কৰা প্ৰায় ৪০,০০০ টকা মূল্যৰ তিনিটা মোবাইল ফোন উদ্ধাৰ কৰে। পিছত ধৃত কেইজনক জি আৰ পি / কাটিহাৰৰ ভাৰপ্ৰাপ্ত বিষয়াক গতাই দিয়া হয়। সেইদৰে ২৭ জুনত আলিপুৰদুৱাৰৰ আৰ পি এফ দলে দলগাঁও ৰেল ষ্টেচনত অনুসন্ধান অভিযান চলাই প্ৰায় ৭০,০০০ টকাৰ চুৰি লেপটপ থকা এটা সোনাসহ অন্যান্য মূল্যবান সামগ্রীৰ সৈতে এজনক আটক কৰে। একেদিনাই উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ এটা দলে কাটিহাৰ, কামাখ্যা আৰু গুৱাহাটী ৰেল ষ্টেচনত অভিযান চলাই প্ৰায় ৭২,০০০ টকা মূল্যৰ যাত্ৰীৰ সামগ্ৰী ঠিক একেধৰণে চুৰি কৰাৰ সৈতে জড়িত আন ৭ জনক কৰায়ত্ত কৰে। কৰায়ত্ত কৰা আটাইকেইজনক ব্যক্তিক পিছত সংশ্লিষ্ট আৰক্ষী চকীৰ দায়িত্বত থকা বিষয়াজনৰ হাতত গতাই দিয়া হয়। উল্লেখ্য যে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে সদায়ে বিভিন্ন অপৰাধ নিয়ন্ত্ৰণৰ বাবে সষ্টম হৈ থকাৰ উপৰি যাত্রীক সুৰক্ষা প্ৰদান কৰাৰ বাবে উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। ইফালে ৰে’ল যাত্ৰীসকলে ৰেল যাত্ৰাৰ সময়ত কোনো সমস্যাৰ সন্মুখীন হ’লে অৱগত কৰাৰ বাবে ৰে’ল কৰ্তৃপক্ষই ১৩৯ (টোল-ফ্রী) নম্বৰৰ ব্যৱস্থা কৰিছে।