গুৱাহাটী,৩ জুলাইঃ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শঙ্কৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা ৰাজ্যৰ পৌৰ নিকায়সমূহৰ নিৰ্বাচিত প্ৰতিনিধি তথা কৰ্ম-কৰ্তাসকলৰ দক্ষতা উন্নয়ন বিষয়ক দিনজোৰা কৰ্মশালাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এখন স্বচ্ছ অসম নিৰ্মাণৰ লক্ষ্য আগত ৰাখি, স্বচ্ছ ভাৰত অভিযান আৰু অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সৌজন্যত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানতে মন্ত্রী সিংহলে ৰাজ্যৰ ৭৫ খন পৌৰসভাৰ মাজত মুঠ ২১৮ খন আৱৰ্জনা সংগ্ৰহকাৰী “অটো টিপাৰ” বাহনো আনুষ্ঠানিকভাৱে বিতৰণ কৰে। উল্লেখযোগ্য যে স্বচ্ছ ভাৰত অভিযানৰ নিৰ্দেশনা অনুসৰি শুকান আৰু ভিজা আৱৰ্জনা পৃথক কৰিব পৰা তথা বিপদজনক সামগ্ৰীৰ বাবে পৃথক হুক সম্বলিত এই বাহনসমূহ বিশেষভাৱে নিৰ্মাণ কৰা হৈছে। ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ কৰ্মশালাত সমল ব্যক্তিসকল তথা বিভাগীয় বিষয়াসকলে প্ৰদান কৰা প্ৰশিক্ষণৰ জৰিয়তে পৌৰ নিকায়ৰ নিৰ্বাচিত জনপ্ৰতিনিধিসকল আৰু বিষয়া-কৰ্মীসকল যথেষ্ট উপকৃত হবলৈ সক্ষম হ’ব। স্বচ্ছ ভাৰত মিছনৰ অধীনত ঈপ্সিত লক্ষ্যত উপনীত হোৱাৰ স্বাৰ্থত নিজৰ নগৰখনৰ প্ৰতিটো বাট-পথ সম্পূৰ্ণ আৱৰ্জনামুক্ত কৰাৰ লগতে প্ৰতিঘৰ বাসিন্দাৰ দুৱাৰমুখৰ পৰা জাৱৰ সংগ্ৰহ সুনিশ্চিতকৰণক পৌৰসভাসমূহে প্ৰাথমিক দায়িত্ব হিচাপে গ্ৰহণ কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। পৌৰসভাৰ জাৱৰ সংগ্ৰহ বাহনক ঘৰুৱা আৱৰ্জনা জমা দিয়াটো অভ্যাসত পৰিণত কৰাৰ স্বাৰ্থত প্ৰাৰম্ভিক পৰ্যায়ত জাৱৰ সংগ্ৰহৰ বাবদ কোনো মাছুল ধাৰ্য নকৰিবলৈও তেওঁ পৌৰসভাসমূহলৈ আহ্বান জনায়। চলিত বাজেটত ৰাজ্যৰ নগৰাঞ্চলৰ বাট-পথ আৰু নলা-নৰ্দমা নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে ১০০০ কোটি টকা আছুতীয়াকৈ ধাৰ্য কৰাৰ কথা জানিবলৈ দি তেওঁ কয় যে সেয়েহে পৌৰ নিকায়সমূহে নিজৰ পুঁজিৰে পথ-নলা নিৰ্মাণৰ সলনি ষ্ট্ৰীট লাইট, পাৰ্ক নিৰ্মাণ আদিৰ দৰে অন্যান্য জনহিতকৰ কাম হাতত লোৱা উচিত। বিগত দিনসমূহত ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিভিন্ন শাখা যেনে স্বচ্ছ ভাৰত মিছন (নগৰীয়া), প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া), অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আদিয়ে বিভিন্ন শিতানত সৰ্বভাৰতীয় পৰ্যায়ৰ কেইবাটাও বঁটা আঁজুৰি আনিবলৈ সক্ষম হোৱাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে এই কৃতিত্বৰ বাবে বিভাগটোৰ মন্ত্ৰী হিচাপে তেওঁ অলপো কৃতিত্ব দাবী নকৰে, এই সফলতাৰ মূল দাবীদাৰ হৈছে বিভাগটোৰ বিষয়া-কৰ্মচাৰী তথা নগৰীয়া স্থানীয় নিকায়ৰ বিষয়ববীয়াসকলহে। বিগত দিনসমূহত ৰাজ্যত সম্পত্তি কৰ সংগ্ৰহৰ ক্ষেত্ৰতো যথেষ্ট ভাল ফল প্ৰদৰ্শন কৰা বাবেও তেওঁ সংশ্লিষ্ট বিষয়া-কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে। কৰ্মশালাত “আৰবান মেনেজমেণ্ট চেণ্টাৰ”ৰ উপ-সঞ্চালক মেঘনা মালহোত্ৰা আৰু টীম লীড অৰবিন্দ সিঙে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰাৰ বিপৰীতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিষয়াসকলে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰেজেণ্টেশ্যন আগবঢ়ায়। উল্লেখযোগ্য যে কেনে ধৰণৰ কাৰ্য্যপন্থা হাতত ল’লে অসমে স্বচ্ছ ভাৰত অভিযানত “আৱৰ্জনামুক্ত চহৰ” শাখাত ৩ তাৰকাযুক্ত ৰেটিং আৰু “অ’ডিএফ প্লাছ” লাভ কৰিবলৈ সক্ষম হ’ব, তাৰবাবে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়াৰ উদেশ্যে এই কৰ্মশালাখন অনুষ্ঠিত কৰা হৈছে। “আৰবান মেনেজমেণ্ট চেণ্টাৰ” নামৰ এটা অভিজ্ঞ সংগঠনৰ দ্বাৰা এই প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই সংগঠনটোৱে প্ৰকল্প পৰিচালনা গোট হিচাপে কাম কৰিব আৰু তথ্য সংগ্ৰহৰ উদেশ্যে নগৰাঞ্চলৰ সকলো স্থানীয় নিকায় পৰ্যবেক্ষণ কৰিব। স্বচ্ছতাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া), অম্ৰুট, ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান, সম্পত্তি কৰ, চহৰ বিত্ত পৰ্টেলৰ লগতে গৃহ-নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অন্যান্য কাৰ্য্যপ্ৰণালীৰ ওপৰতো এই কৰ্মশালাত বিশদভাৱে পৰ্যালোচনা কৰা হয়। বিশেষকৈ, সম্পত্তি কৰৰ পুনৰ মূল্যায়ণ আৰু চহৰ বিত্ত পৰ্টেলৰ তথ্য প্ৰক্ৰিয়াকৰণৰ ওপৰতো প্ৰশিক্ষণ প্ৰদান কৰা হয়। ৰাজ্যৰ প্ৰায় সকলো পৌৰসভাৰ নিৰ্বাচিত জনপ্ৰতিনিধি, কাৰ্যবাহী বিষয়াসকল, অভিযন্তাসকল, স্বচ্ছ ভাৰত অভিযানৰ চহৰ প্ৰকল্প বিষয়াসকল তথা অন্যান্য বিষয়ববীয়াই অংশগ্ৰহণ কৰা এই কৰ্মশালাত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰৰ বিধায়ক উৎপল বৰা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, বিভাগটোৰ সচিবদ্বয় পৱিত্ৰ ৰাম খাউণ্ড আৰু পলাশ বৰুৱা, অতিৰিক্ত সচিব ৰিচান্দ আহমেদ, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেধনিধি দাহাল, পৌৰ প্ৰশাসন সঞ্চালক টংকেশ্বৰ দাস আৰু স্বচ্ছ ভাৰত মিশ্যন (নগৰীয়া) তথা অম্ৰুট, অসমৰ সঞ্চালক হেমন্ত ভূঞাৰ লগতে অন্যান্য বিষয়ববীয়াসকলো উপস্থিত আছিল।