গুৱাহাটী,৫ জুলাইঃ কংগ্ৰেছ ত্যাগ কৰি আম আদমি পাৰ্টী চমুকৈ আপত যোগদান কৰা কমল কুমাৰ মেধিক আপৰ পৰাও নিলম্বিত কৰা হ’ল। সমষ্টি নিৰ্ধাৰণক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ মাজতে বহু চৰ্চিত ‘তিনি গগৈ’ প্ৰসংগত আপৰ উপ সভাপতি কমল কুমাৰ মেধিয়ে কৰিছিল বিতৰ্কিত মন্তব্য। সংবাদ মাধ্যমৰ আগত ‘তিনি গগৈ’ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰি পৰৱৰ্তী সময়ত তেজপুৰত অনুষ্ঠিত হোৱা ৰাজ্যিক কাৰ্যনিৰ্বাহকত ক্ষমা বিচাৰিছিল যদিও পুনৰ ফেচবুকত কমল কুমাৰ মেধিয়ে ‘তিনি গগৈ’ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰে। দলৰ নীতিৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰাৰ বাবেই কমল কুমাৰ মেধিক তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ দলৰ পৰা নিলম্বিত কৰিছে দলটোৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে। এই সন্দৰ্ভত শেষ সিদ্ধান্ত ল’বলৈ সভাপতি ডাঃ চৌধুৰীয়ে দলৰ নীতি নিৰ্ধাৰণ সমিতিলৈও পত্ৰ প্ৰেৰণ কৰিছে। ইফালে এই নিলম্বনৰ পাছতে সামাজিক মাধ্যম যোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কমল কুমাৰ মেধিয়ে। প্ৰতিক্ৰিয়াত কমল কুমাৰ মেধিয়ে কয় -‘ ধন্যবাদ আম আদমি পাৰ্টী, অসম। গগৈ মানে অসমীয়া জাতি বুলি বুজিলে যেতিয়া কেৱল গগৈক লৈ পাৰ্টীটো আগবঢ়াওক ! অসমৰ বাকী জাতি-জনগোষ্ঠীয়ে আপোনালোকক আদৰিবলৈ ৰৈ আছে ৷ চৰকাৰ হ’বই খাটাং!’ তেওঁ লগতে ভৱেন চৌধুৰীক উদ্দেশ্যি কয় -‘ মোক কোনো ধৰনৰ শ্ব’কজো নিদিলে দেখোন ৷ এবাৰো মোৰ লগত কথাও নাপাতিলে ৷ কোনো অনুশাসন কমিটিও নবহিলে ৷ আনকি নিলম্বনৰ জাননীখনো মোলৈ নপঠিয়ালে ৷ মই বেলেগৰ ফেচবুক ৱালতহে পালোঁ ৷ এয়া অসমৰ সৰ্বশক্তিমান জনাৰ নিৰ্দেশতে যে হৈছে সেয়া মইতো ভালদৰে বুজি পাওঁ ৷ পাৰ্টীটো চিধাচিধি মাৰ্ছ কৰি নিদিয়ে কিয়? ভাল পাৰ্টী চলাইছে আপুনি ৷ আপুনি মুখ্যমন্ত্ৰী হোৱাটো খাটাং। আগতীয়া অভিনন্দন।’ উল্লেখ্য যে কমল কুমাৰ মেধিয়ে তেওঁৰ চমু ৰাজনৈতিক জীৱনত কেইবাটাও দল সলনি কৰিলে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰে জড়িত হৈ অখিল গগৈৰ সৈতে বিভিন্ন সংগ্ৰামত অৱতীৰ্ণ হোৱা কমল কুমাৰ মেধিয়ে ২০১৮ চনত কংগ্ৰেছ দলত যোগদান কৰিছিল। পৰবৰ্ত্তী সময়ত ৰাইজৰ দল গঠন হোৱাত তেওঁ কংগ্ৰেছ ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিছিল। কিন্তু তেওঁ ৰাইজৰ দলো ত্যাগ কৰিছিল। উল্লেখ যে বিগত বিধানসভা নিৰ্বাচনত তেওঁ ৰাইজৰ দলৰ হৈ ভৱানীপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছিল। ৰাইজৰ দল ত্যাগ কৰাৰ পাছত বিগত বৰ্ষৰ মে’ মাহত তেওঁ আম আদমী পাৰ্টিত যোগ দিছিল। অৱশেষত আপৰ পৰাও নিলম্বিত হ’ল কমল কুমাৰ মেধি।










