বৰপেটা ,২৫ জুলাইঃ বৰপেটাৰ বাটগাঁওত কালি নিশা এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয় । তীব্ৰ বেগী বাহনৰ খুন্দাত থিতাতে নিহত হয় এজন। আন দুজন গুৰুতৰভাৱে আহত হয়। থিতাতে নিহত জনৰ নাম সুজয় কৰ্মকাৰ (২৭) বুলি জানিব পৰা গৈছে। আৰু আহত দুজন প্ৰকাশ মণ্ডল আৰু বিশ্বজিৎ মণ্ডল বুলি জানিব পৰা গৈছে। আটাইকেইজনৰ ঘৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত কুৰিহাৰ পামত বুলিও জানিব পৰা গৈছে । দূৰ্ঘটনাটোত যুৱককেইজনৰ মুৰ, পিঠি, বুকু, হাত, ভৰিৰ লগতে মুখমণ্ডল আদিত গুৰুতৰ আঘাত হয়। ঘটনাৰ বিৱৰণী মতে নিশা প্ৰায় ১১ বজাত বৰপেটাৰ পৰা চেঙা অভিমূখে তিনিওজন যুৱকে গৈ থকা সময়ত কোনোবা অচিনাকি তীব্ৰবেগী বাহনে খুন্দিয়াই পেলাই থৈ যায়। দুৰ্ঘটনাটোত যুৱক কেইজনে অনা এএছ-১৫-এছ-৯২৭৫ নম্বৰৰ পালচাৰ বাইকখনৰো যথেষ্ট ক্ষতি হয়। ঘটনাস্থলীত উপস্থিত হৈ ১০৮ মৃত্যুঞ্জয় বাহনলৈ অপেক্ষা কৰি অযথা সময় নষ্ট কৰাৰ পৰিৱৰ্তে তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চম্পালাল ভট্টাচাৰ্যই নিজে অহা থানাৰ বাহনখনতে তাৎক্ষণিক ভাৱে আহত সকলক বৰপেটা ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। পিছে আৰক্ষী বিষয়া চম্পালাল ভট্টাচাৰ্যৰ তাৎক্ষণিক পদক্ষেপক ধন্যবাদ জনাইছে ৰাইজে । কিয়নো বহু আৰক্ষী বিষয়াই ১০৮ মৃত্যুঞ্জয় বাহনলৈ অপেক্ষা কৰি অবাবতে সময় নষ্ট কৰে।










