নলবাৰী :: ৩০ জুলাই :নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ মাজমজিয়াৰ এটি গুৰুত্বপূৰ্ণ পথ হঠাৎ ২৪ জুলাইত ৰে’লৱে বিভাগে দলঙৰ তলৰ পথ বন্ধ কৰি দিয়াৰ প্ৰতিবাদত আজি ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ-সন্থাৰ উদ্যোগত দিনৰ ১১ বজাত ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাংগণত এখন নাগৰিক সভা অনুষ্ঠিত কৰি হয় ।অৱসৰপ্ৰাপ্ত শিক্ষাবিদ যোগেন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য বাখ্যা আৰু আঁত ধৰে ছাত্ৰনেতা হিৰকজ্যোতি শৰ্মা আৰু মানস প্ৰতিম শৰ্মাই।উল্লেখযোগ্য যে ঘগ্ৰাপাৰ অঞ্চলৰ বাবে অতি গুৰুত্বপূৰ্ণ এই পথটো বন্ধ কৰি দিয়াৰ ফলত অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে । ঘগ্ৰাপাৰ হাইস্কুল,ঘগ্ৰাপাৰ ছোৱালী হাইস্কুল ,বনভাগ কণিষ্ঠ মহাবিদ্যালয়কে ধৰি প্ৰায় ন খন চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ একমাত্ৰ পথ হিচাপে ব্যৱহাৰ কৰা ৰাস্তাটো বন্ধ হোৱাৰ পিছত ছাত্ৰ ছাত্ৰী সকলে কোনফালেৰে অহা যোৱা কৰিব তাৰ বাবে কোনো বিকল্প পথৰ ব্যৱস্থা নকৰি ৰে’লৱে বিভাগে মইমতালিৰে ৰাস্তাটো হঠাৎ বন্ধ কৰি দিছিল।যাৰ পৰিপ্ৰেক্ষিতত আজি উক্ত নাগৰিক সভা অনুষ্ঠিত হয়।সভাখনত অঞ্চলটোৰ অৰ্ধশতাধিক দল-সংগঠনৰ মুৰব্বীৰ লগতে শিক্ষক অমুল্য কলিতা, বিজেপিৰ বড়িগোগ বনভাগ মণ্ডলৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,অৱসৰপ্ৰাপ্ত শিক্ষক অচুৎ গোস্বামী,ঘগ্ৰাপাৰ ক্ৰীড়া সন্হাৰ সভাপতি তফিকুৰ ৰহমান,অবসৰপ্ৰাপ্ত শিক্ষক উমেশ বৈশ্য, সমাজকৰ্মী থানেশ্বৰ লহকৰ,শিক্ষক ৰেকিবুদ্দিন আহমেদ,যুৱ ব্যৱসায়ী ভ্ৰমৰ মজুমদাৰ,ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ মুখ্য সম্পাদক ৰাতুল চন্দ্ৰ ডেকা,জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰ, সাংবাদিক জগত তালুকদাৰ,সমাজকৰ্মী কেশৱ মজুমদাৰ,ঘগ্ৰাপাৰ হৰিমন্দিৰ সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰভাত শৰ্মা, ঘগ্ৰাপাৰ যুৱ ছাত্র পৰিষদৰ সভাপতি চৰিফুল আলী,সাংবাদিক ৰবীন্দ্ৰ নাথ কলিতা আদিয়ে বিভিন্ন বিকল্প পথ সন্দৰ্ভত পৰামৰ্শ আগবঢ়োৱাৰ লগতে বিকল্প পথ নোহোৱা পৰ্যন্ত ৰে’লৱে নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়াৰ পোষকতা কৰে।লগতে উক্ত সভাতে অৱসৰপ্ৰাপ্ত অধ্যক্ষ যোগেন্দ্ৰ কলিতাক সভাপতি , ৰাতুল চন্দ্ৰ ডেকাক সাধাৰণ সম্পাদক হিচাপে লৈ উৰণীয়া সেতু নিৰ্মাণ সংগ্ৰাম সমিতি এখন গঠন কৰা হয়।
Home অসম আৰু উত্তৰপূব ঘগ্ৰাপাৰৰ উত্তৰপাৰ আৰু দক্ষিণপাৰ সংযোগী পথ ৰে’লৱে বন্ধ কৰাৰ প্ৰতিবাদত ঘগ্ৰাপাৰত আছুৰ...










