তামুলপুৰ, ৩১ জুলাইঃনিত্য ব্যৱহৃত খাদ্য সামগ্ৰীৰ উপৰিও ঔষধ, ৰন্ধন গেছ, পেট্ৰল, ডিজেলকে ধৰি শিশু খাদ্যৰ মূল্যবৃদ্ধি আৰু জিএছটি আৰোপ কৰাৰ বিৰুদ্ধে আজি তামুলপুৰত বাগছা জিলা কংগ্ৰেছ কমিটিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শতাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে তামুলপুৰস্থিত ৰাজীৱ ভৱনৰ পৰা তামুলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ এক সমদল কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বাগছা জিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী চাজিয়া বেগমৰ নেতৃত্বত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি ৰোধ কৰক, দুখীয়া জনসাধাৰণক সকাহ দিয়ক, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক, মূল্যবৃদ্ধি হ্ৰাস কৰক, অসম চৰকাৰ হায় হায় আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে তামুলপুৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে বাগছা জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত বাগছা জিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী চাজিয়া বেগমে সংবাদ মাধ্যমৰ আগত কয় যে– অসম তথা ভাৰত চৰকাৰে দুখীয়া নিচলা ৰাইজৰ কথা নাভাবি দিনক দিনে বস্তুৰ দাম বৃদ্ধি কৰি মাধমাৰ সোধাইছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোটি কোটি টকা ঋণ লৈ চৰকাৰ চলাইছে। আজি অসমৰ প্ৰতিজন নাগৰিকৰ মূৰত ঋণৰ বোজা জাপি দিছে। আৰু তেওঁ নিজকে ডাইনামিক মুখ্যমন্ত্ৰী হিচাপে পৰিচয় দিব বিচাৰে। যদি ঋণ নোলোৱাকৈ উন্নয়ন কৰিব পাৰে তেতিয়াহে তেওঁক অসমৰ ৰাইজে ডাইনামিক মুখ্যমন্ত্ৰী বুলি মানি লব। উন্নয়নৰ কাম কৰাৰ পৰিবৰ্তে লাভ জেহাদ, হিন্দু-মুছলমান, মিঞা ৰাজনীতি কৰি মানুহক মুল বিষয়বস্তুৰ পৰা ডাইভাৰ্ট কৰি আছে বৰ্তমানৰ শাসনাধিস্থ বিজেপি চৰকাৰ খনে। তেওঁ আকৌ কয় আমি অসমত থকা সকলো জাতি জনগোষ্ঠী লগলাগি একেলগে অসমীয়া জাতি। ইয়াত ধৰ্মভেদে জাতি নিৰূপণ কৰিবলৈ কাৰো অধিকাৰ নাই। হিন্দু-মুছলমান, মিঞা আদিৰ ৰাজনীতি কৰাৰ পৰিবৰ্তে বিজেপিৰ ৰাজ্যিক সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা বালি চিন্ডিকেটৰ লগত জৰিত বুলি অভিযোগ উত্থাপন কৰি এইবিলাক বিষয়ত উচিত তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাই বাগছা জিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী চাজিয়া বেগমে। লগতে অসমৰ জনসাধাৰণক হিতাধিকাৰী সজোৱাৰ পৰিবৰ্তে প্ৰকৃত উন্নয়নৰ কাম কৰিবলৈ দাবী উত্থাপন কৰি অসমত বিভিন্ন ঔদ্যোগ স্থাপন কৰি নিবনুৱা সমস্যা সমাধান কৰিবলৈ তেওঁ দাবী উত্থাপন কৰে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত বাগছা জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক মহেন্দ্ৰ ডেকা, আনোৱাৰ হুচেইন, দীপক খাৰেল, নাগ্ৰিজুলি মণ্ডলৰ সভাপতি বীৰেণ চক্ৰবৰ্তী, শুক্লাই চেৰফাং ব্লকৰ সভাপতি মুকিব আলি আৰু গোৰেশ্বৰ ব্লকৰ সভাপতি বিৰেণ ডেকা সহ কেইবাগৰাকীও নেতা কৰ্মী উপস্থিত থাকে।