ৰঙিয়া ১৫ আগষ্টঃপত্নী আৰু কন্যাক বিহ খুৱাই হত্যা কৰি পলায়ন কৰা প্ৰবীন আগৰৱালাক ৰঙিয়া আৰক্ষীয়ে যোৱাকালি নগাঁও আৰক্ষীৰ সহযোগত ৰহাৰ পৰা আটক কৰাৰ পিচত ৰঙিয়ালৈ আনি সোধপোচ অব্যহত ৰাখিছে । আজি ৰঙিয়াৰ মাৰোৱাৰী সমাজৰ মহিলা সকল ৰঙিয়া থানাত উপস্থিত হৈ হত্যাকাৰী প্ৰবীণ আগৰৱালাৰ ফাচীৰ দাবী কৰি হত্যাকাৰীৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে । ৰঙীয়া চহৰৰ এটা অট্টালিকাত ভাড়ালৈ থকা প্ৰবীণ আগৰৱালা নামৰ ভোজপাতৰ ব্যৱসায়ী এজনে পত্নী পিনু আগৰৱালা আৰু কন্যা কণিকা আগৰৱালাক প্ৰায় চাৰিদিন পুৰ্বে বিহ খুৱাই হত্যা কৰিছিল । ঘৰৰ মজিয়াত পৰিথকা মৃত দেহ দুটা টাৱৈল আৰু বিচনা চাদৰৰে ঢাকি থৈ একেটা কোঠাত যোৱা চাৰিদিন ধৰি আছিল হত্যাকাৰী প্ৰবীণ আগৰৱালা । যোৱাকালি অৰ্থাৎ সোমবাৰে দিনৰ ভাগত ওচৰ চুবুৰীয়াই দুৰ্গন্ধ অনুভৱ কৰে যদিও ওচৰতে থকা মৃত মহিলা গৰাকীৰ বাইদেউকে খবৰ লবলৈ অহাত মাতৃ – কন্যাৰ উৱলি যোৱা মৃতদেহ প্ৰত্যক্ষ কৰিছিল । বিপদৰ আগজাননী পাই হত্যাকাৰী প্ৰবীণ আগৰৱালাই ৰঙিয়াৰ পৰা নগাঁওলৈ পলায়ন কৰিছিল যদিও নগাঁও আৰক্ষীৰ সহযোগত ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ তৎপৰতাত ৰহাৰ পৰা আটক কৰিছিল হত্যাকাৰী প্ৰবীণ আগৰৱালাক । হত্যাকাৰীয়ে আৰ্থিক অনাতনৰ বাবে এনেদৰে পত্নীৰ লগতে ৰঙিয়াৰ এখন ব্যক্তিগত বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীত অধ্যায়ণ কৰি থকা মেধা সম্পন্ন নিজ কন্যাক হত্যাকৰি নিজেও আত্মহত্যা কৰাৰ চেষ্টা চলোৱা বুলি জানিব দিছিল । হত্যাকাৰীয়ে নিজে আত্মহত্যা কৰাৰ চেষ্টা কৰাবুলি কোৱা কথাষাৰ মিছা বুলি সকলোৱে মন্তব্য কৰিছে ।