লখিমপুৰ, ১৬ আগষ্ট : লখিমপুৰৰ বঙালমৰা আৰু নাওবৈচাত নিশা আৰক্ষীয়ে
নকল সোণ ব্যৱসায়ীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায় । অভিযানত ১ নং আহমেদপুৰৰ পৰা আৰক্ষীয়ে মিৰাজ আলী নামৰ এটা নকল সোণ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰে ।
নকল সোণ ব্যৱসায়ী মিৰাজ আলীৰ স্বীকাৰোক্তিৰ ভিৰ্তিত নাওবৈচাৰ মহঘুলিতো অভিযান চলায় ।
বঙালমৰা আৰু নাওবৈচা আৰক্ষীয়ে মহঘুলিৰ নছিম উদ্দিনৰ বাসগৃহতো অভিযান চলায় ।
নছিম উদ্দিনৰ বাসগৃহৰ পৰা আৰক্ষীয়ে এখন নকল সোণৰ নাওঁ আৰু নগদ ৫০ হাজাৰ টকা জব্দ কৰে । লখিমপুৰত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই যোগদান কৰাৰ পাছত আৰক্ষী অধীক্ষক গৰাকীৰ হুংকাৰৰ পাছত বঙালমৰা অঞ্চলৰ পৰা প্ৰায় ১০৪ গৰাকী নকল সোণ জাল নোটৰ বেপাৰত জড়িত বেপাৰীয়ে আত্ম সমৰ্পণ কৰে যদিও অঞ্চলটোত বৰ্তমানো এজন এজনকৈ নকল সোণ জাল নোটৰ বেপাৰী ধৰা পৰা বিষয়টো লক্ষ্যনীয় হৈ পৰিছে । আনন্দ মিশ্ৰ বাহিনীৰ চকুত ধূলি দি মিশ্রক বুঢ়া আঙুলি দেখুৱাই এনেদৰে ব্যৱসায় চলাই থকা বিষয়টো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে ।