বান্দৰদেৱা১৯আগষ্ট: ৱাৰিয়াৰ্ছ মহিলা সজাগতা, গ্ৰামোন্নয়ন সংস্থা আৰু জ্যোতিময় সমাজ নামৰ লক্ষীমপুৰৰ বান্দৰদেৱা আঞ্চলিকৰ উদ্যোগত ১৮আগষ্টত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। বান্দৰদেৱা অঞ্চলৰ নির্জলা গুপ্তা নামৰ নৃত্য শিল্পী গৰাকীক দুয়োটা সংস্থাৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে নির্জলা গুপ্তা নামৰ শিল্পী গৰাকীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত নৃত্য প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। আনহাতে তেওঁৰউদ্যোগতে খুচি ডান্স স্কুল নামেৰে নৃত্য-গীতৰ এখন বিদ্যালয়ৰ শুভাৰম্ভ কৰা হয়। ইয়াৰোপৰি আজি বিশিষ্ট ৰাজহুৱা কৰ্মী, শিক্ষাবিদ দেৱেন দত্তৰ বিয়োগত দুয়োটা সংস্থাই এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। আজিৰ অনুষ্ঠানত সংস্থাৰ সভানেত্ৰী জোনমণি শৰ্মা শইকীয়া আৰু সহ:সম্পাদিকা নিভা গুপ্তাৰ উপৰি ভালেমান স্থানীয় লোক উপস্থিত থাকে।