হাউলী, ১১ চেপ্তেম্বৰঃ আজি অসম বিধান সভাৰ অধিৱেশনৰ প্ৰথম দিনটোতে চি আই টি ইউয়ে গুৱাহাটীৰ চচল ধৰ্ণাস্থলীত বৃহৎ বিক্ষোভ সমাৱেশ সংগঠিত কৰে । প্ৰচলিত শ্ৰম আইন মানি অসমৰ সকলো শ্ৰমিকৰ দৈনিক মজুৰি ন্যূনতম ৭০০ টকা ধাৰ্য কৰা, নিৰ্মাণ শ্ৰমিক, মটৰ শ্ৰমিকসহ অসংগঠিত খণ্ডৰ শ্ৰমিকে শ্ৰমিক কল্যাণ আঁচনিৰ সা-সুবিধা পোৱাটো নিশ্চিত কৰা, অঙ্গনৱাড়ী কমী-সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মচাৰীসকলক মাননিৰ সলনি মজুৰি প্ৰদান কৰা, ই এছ আই আৰু বোনাচত থকা চিলিং প্ৰত্যাহাৰ কৰা, অসমত শ্ৰম কোডৰ প্ৰয়োগ বন্ধ ৰখা আদিৰ দাবীত এই বিক্ষোভ সংগঠিত হয় । উল্লেখযোগ্য যে চি আই টি ইউয়ে যোৱা বছৰৰ ১ চেপ্তেম্বৰৰ পৰাই উক্ত দাবীত ধাৰাবাহিক আন্দোলন চলাই আহিছে । আজিৰ কাৰ্যসূচীত চি আই টি ইউৰ ৰাজ্যিক সভাপতি অসিত দত্ত, সাধাৰণ সম্পাদক তপন শৰ্মা, অসম ৰাজ্যিক আশা ইউনিয়নৰ সভানেত্ৰী মমতা ৰাভা, সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ৰাজ্যিক সাধাৰণ সম্পাদক মদন তালুকদাৰ, চি আই টি ইউৰ ৰাজ্যিক নেতা বিজন দাস, আলী আকবৰ, জেচিটি ইউৰ আহবায়ক ভৱেন্দ্ৰ কলিতা উপস্থিত থাকি বিক্ষোভকাৰী শ্ৰমিকসকলক উদ্দেশ্যি বক্তব্য ৰাখে । বক্তা সকলে কয় যে চৰকাৰে “অমৃত কাল”চলি থকা বুলি কৰা প্ৰচাৰৰ বিপৰীতে অসমৰ প্ৰায় ৯০ লাখ শ্ৰমজীৱী লোকে বিভিন্ন সমস্যাৰে ভাৰক্ৰান্ত হৈ পৰিছে । অসমত কল-কাৰখানাত কাম কৰি থকা শ্ৰমিক, বে-চৰকাৰী খণ্ডৰ মটৰ শ্ৰমিক, নিৰ্মাণ শ্ৰমিক, নাৰ্চিং হোম কৰ্মচাৰী, দোকানৰ কৰ্মচাৰীসকল আইনমতে প্ৰাপ্য ন্যূনতম মজুৰি তথা চিকিৎসাৰ সুবিধাকে ধৰি অন্যান্য সামাজিক সুৰক্ষামূলক সা-সুবিধাৰ পৰাও বঞ্চিত হৈ আছে । বিগত ৮ বছৰ ধৰি অসমত শ্ৰমিকৰ নূ্ন্যতম মজুৰি পুনৰ নিৰ্দ্ধাৰণ হোৱা নাই । মেডিকেল ৰিপ্ৰেজেন্টেটিভ আৰু বিক্ৰী প্ৰতিনিধি একোগৰাকীয়ে মাহিলি মাথো ১৩/১৪ হাজাৰ টকা মজুৰি লৈ কাম কৰি আছে । অসমৰ প্ৰায় ১২ লাখ চাহ শ্ৰমিকে মাত্ৰ ২১০/২১২ টকা দিন হাজিৰা লৈ কাম কৰি থাকিবলৈ বাধ্য হৈ আছে । চৰকাৰী আঁচনি ৰূপায়ণৰ ২ লাখ ৭৩ হাজাৰ তৃণমূল কৰ্মচাৰী – অঙ্গনৱাড়ী কৰ্মী-সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মচাৰীয়ে কোনো মজুৰি নাপায় । দৈনিক ১০০ আৰু ১৫০ টকা হাৰে মাননিৰ ধন লৈ কাম কৰি থাকিবলৈ বাধ্য কৰোৱা হৈছে মহিলা কৰ্মচাৰীসকলক – এয়েই তথাকথিত বিজেপি চৰকাৰৰ ‘অমৃত কাল’।
বক্তাসকলে আৰু কয় যে অসমৰ ব্যক্তিগতখণ্ডত কৰ্মৰত শ্ৰমিকে সৰ্বনিম্ন দৈনিক মজুৰি পায় মাত্ৰ ৩০৯/- টকা । দেশৰ অন্যান্য ৰাজ্যৰ একেই শ্ৰমিকে পায় ৬০০-৭০০/- টকা । ঠিকা শ্ৰমিক আৰু স্থায়ী শ্ৰমিকৰ বাবে সমান কামৰ সমান মজুৰি নীতি অসমতে প্ৰযোজ্য হোৱা নাই । যাৰ ফলত সমান পৰিশ্ৰম কৰিও অসমৰ ২৩ লাখতকৈ অধিক ঠিকা শ্ৰমিক আজি প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত । নিৰ্মাণ শ্ৰমিক, মটৰ শ্ৰমিকসহ অসংগঠিত খণ্ডত কাম কৰি থকা শ্ৰমিকৰ সংখ্যা প্ৰায় ৬০-৭০ লাখ । কৃষি শ্ৰমিক ধৰিলে এই সংখ্যা প্ৰায় ৯০ লাখ হবগৈ । এওঁলোকৰ বাবে চৰকাৰে ই-শ্ৰমৰ সুবিধা প্ৰৱৰ্তন কৰিছিল যদিও আজিলৈকে নিৰ্মাণ খণ্ডৰ শ্ৰমিকৰ বাহিৰে আন কোনো অসংগঠিত খণ্ডৰ শ্ৰমিকে সামজিক সুৰক্ষামূলক আঁচনিৰ সুবিধা লাভ কৰা নাই বুলি শ্ৰমিক নেতাসকলে জানিবলৈ দিয়ে । বিজেপি চৰকাৰে দেশৰ সকলো শ্ৰমিক সংগঠনৰ মতামতক সম্পূৰ্ণ আওকাণ কৰি শ্ৰম আইন শ্ৰম সংহিতালৈ ৰূপান্তৰিত কৰিলে, যদিও দেশজোৰা প্ৰতিবাদৰ ফলত এতিয়া কাৰ্যকৰীকৰণৰ পৰা বিৰত আছে । কিন্তু আমাৰ ৰাজ্য চৰকাৰে উক্ত শ্ৰম ক’ডৰ আধাৰত ইতিমধ্যে শ্ৰম বিধি (State Rules) প্ৰণয়ন কৰাৰ প্ৰস্তুতি চলাই আছে । ৰাজ্যখনৰ সকলো শ্ৰমিক সংগঠনে এই কাৰ্যৰ বিৰুদ্ধে লিখিত মতামত দাখিল কৰিছে । কিন্তু ৰাজ্য চৰকাৰ নাচোৰ বান্দা । অসমৰ দৰে উদ্যোগীক দিশত পিছপৰা এখন ৰাজ্যত সৰ্বভাৰতীয় পৰ্যায়ৰ সকলো বিধি-বিধান কাৰ্যকৰী কৰিব গ’লে সামগ্ৰিকভাৱে উৎপাদন ব্যৱস্থাটোৱে ব্যাহত হ’ব । এই পটভূমিত চি আই টি ইউৰ অসম ৰাজ্যিক কমিটিয়ে পুনৰ এই বিক্ষোভৰ কাৰ্যসূচী লবলৈ বাধ্য হৈ পৰিছে বুলি মত পোষণ কৰে । আজিৰ কাৰ্যসূচীৰ পৰা চি আই টি ইউয়ে অসম মুখ্যমন্ত্ৰীলৈ ওপৰত উল্লেখিত বিষয়সমূহক লৈ এখন স্মাৰক পত্ৰ আৰক্ষী প্ৰশাসনৰ জৰিয়তে প্ৰেৰণ কৰে । লগতে সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ পক্ষৰ পৰা অসমৰ শ্ৰম আয়ুক্তলৈ আৰু অসম ৰাজ্যিক আশা ইউনিয়নে মুখ্যমন্ত্ৰীলৈ সুকীয়াকৈ একোখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । উল্লেখ্য যে আজি সমগ্ৰ অসমৰ জিলা সমূহত থকা শ্ৰম কাৰ্যালয়ত নিৰ্মাণ শ্ৰমিকসকলে তেওঁলোকে পাব লগা আইনী সা-সুবিধা আদায়ৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰি শ্ৰম আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।










