গুৱাহাটী,১৫ ছেপ্টেম্বৰঃ ‘অসমৰ মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যে তেওঁৰ পত্নীয়ে চৰকাৰৰ পৰা ৰাজসাহায্য লোৱা নাই। হয় লোৱা নাই। লোৱা বুলি আমিও কোৱা নাই। আমি কৈছো- ল’বলৈ গৈ আছিল। লোৱাৰ আগতে ধৰা পৰিল। বাতৰি ওলাই গ’ল। গতিকে এতিয়া নলওঁ বুলি কৈছে।’ – এই মন্তব্য অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। শুকুৰবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ পত্নীয়ে ১০ কোটি টকাৰ ৰাজসাহায্যটো লোৱা নাই বুলি ক’লেও ভাৰত চৰকাৰৰ তথ্যত এইটো স্পষ্টকৈ কোৱা হৈছে যে Pride East Entertainment Pvt Ltd নামৰ কোম্পানীৰ নামত ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰ্যালয়ৰ পৰা প্ৰধানমন্ত্ৰী কৃষক সম্পদ আঁচনিৰ অধীনত ১০ কোটি টকাৰ ৰাজ সাহায্য অনুমোদন হৈছে। অনুমোদন হোৱা আৰু টকা লোৱাৰ মাজত বৰ বেছি পাৰ্থক্য নাই। তদুপৰি ২২ মাৰ্চত বিজেপি সাংসদ পল্লৱ লোচন দাসে অসমৰ ঔদ্যোগিক ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বিনিয়োগৰ কি ব্যৱস্থা কৰিছে বুলি সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পিয়ুষ গোৱেলে লোকসভাত এখন তালিকা দাখিল কৰিছিল। উক্ত তালিকাত অসমৰ কোনকেইটা প্ৰতিষ্ঠানক কেন্দ্ৰীয় চৰকাৰে উদ্যোগ স্থাপনৰ বাবে ৰাজ সাহায্য আগবঢ়াইছে, তাৰ বৰ্ণনা দিয়া আছে। উক্ত তালিকাত Pride East Entertainment Pvt Ltd নামৰ কোম্পানীটোক ১০ কোটি টকাৰ ৰাজসাহায্য অনুমোদন জনোৱা বুলি স্পষ্টভাৱে উল্লেখ কৰা হৈছে। তেওঁ কয় যে এতিয়া প্ৰশ্ন হ’ল যে মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানী Pride East Entertainment Pvt Ltd-এ ৰাজসাহায্য বিচাৰি আবেদন কৰিছিল নে নাই। যদি কৰিছিল তেতিয়াহ’লে ঠিকেই আছে, কৰিছে কাৰণে অনুমোদন পাইছে, সোনকালে টকাও পাব। কিন্তু যদি কৰা নাছিল, তেতিয়া হ’লে কেন্দ্ৰীয় চৰকাৰৰ তালিকাত Pride East Entertainment-ৰ নাম আহিল কেনেকৈ। তাৰ মানে কেন্দ্ৰীয় চৰকাৰে মিছা মাতিছে নেকি। সংসদত কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰীয়ে দিয়া তথ্যখিনি ভুল নেকি। যদি এনেকৈয়ে হৈছে তেনেহ’লে মুখ্যমন্ত্ৰী বা তেওঁৰ পত্নীয়ে কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰ্যালয়ৰ আমোলা-বিষয়াসকলৰ ওপৰত গোচৰ তৰিবনে। মন্ত্ৰী পীয়ুষ গোৱেলৰ ওপৰত গোচৰ তৰিবনে বুলি তেওঁ প্ৰশ্ন কৰে। আনহাতে ৰাজসাহায্য লোৱা বা আবেদন কৰাতকৈ ডাঙৰ কথাটো হ’ল অবৈধ উপায়েৰে মাটি ক্ৰয় কৰাটো। তেওঁ কয় যে অভিযোগ অনুসৰি মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানী Pride East Entertainment Pvt Ltd-এ নগাঁও জিলাৰ কলিয়াবৰৰ দৰিগাজি গাঁৱত প্ৰথমে ৫০ বিঘা আৰু তাৰ পিছত আন ৫৬ বিঘা কৃষি মাটি ক্ৰয় কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে মাটি কিনাত কি অসুবিধা, কোম্পানীয়েহে কিনিছে, উদ্যোগ স্থাপনৰ বাবে কিনিছে। কাৰণ যিয়েই নহওক কিয় কিনাটো আইনবিৰোধী হৈছে বুলি তেওঁ কয়। তেওঁ কয় যে আইনগত ভাৱে এগৰাকী ব্যক্তি বা প্ৰতিষ্ঠানে নিজৰ নামত ৫০ বিঘাতকৈ অধিক মাটি ৰাখিব নোৱাৰে। Assam Fixation of Ceiling On Land Holding Act, 1956 (Assam Act 1957)-ৰ Chapter II, Clause4 (1)-ত এই কথা স্পষ্টভাৱে কোৱা হৈছে। তেওঁ কয় যে দৰিগাজি গাঁৱৰ উক্ত ভূমি সম্পূৰ্ণ কৃষি ভূমি। একেখন আইনৰে Chapter I ৰ clause 2 (1), 2.2 (2 আৰু 3)ত যিবোৰ Exception দিয়া হৈছে, তাত Pride East Entertainment Cimpany Pvt Ltd নপৰে। সেয়ে এই কোম্পানীটো এটা Indivisual হিচপেহে গণ্য হ’ব। সেই হিচাপত উক্ত কোম্পানীয়ে ৫০ বিঘাতকৈ অধিক মাটি ৰাখিব নোৱৰে বুলি তেওঁ সদৰি কৰে। আনহাতে অসম চৰকাৰৰ Land and Revinue Regulations-ৰ Executive Instructions-ৰ Chapter II-ৰ Clause 6ত Restrictions of Transfer অধ্যায়ত কোৱা হৈছে যে কোনো অনা কৃষকে বৃত্তিধাৰী কৃষকৰ মাটি ক্ৰয় কৰিব নোৱাৰিব। এইটো একেবাৰে স্পষ্ট। যদি কোনো বৃত্তিধাৰী কৃষকয়েও আনকি আন বৃত্তিধাৰী কৃষকৰ মাটি কিনিবলগীয়া হয় তেনেহ’লে জিলা উপায়ুক্তৰ পৰা আগতীয়া অনুমোদন লব লাগিব। জিলা উপায়ুক্তই অনা কৃষকক বৃত্তিধাৰী কৃষকৰ মাটি বিক্ৰিত অনুমোদন দিবই নোৱাৰে বুলি Rule-ত স্পষ্টভাৱে কোৱা হৈছে। তেওঁ কয় যে ৰিণিকি শৰ্মা ভূঞাৰ Pride East Entertainment Pvt Ltd হঠাতে কেতিয়া কেনেকৈ বৃত্তিধাৰী কৃষক হৈ পৰিল। তেওঁ লগতে কয় যে অনিয়মেৰে মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে। আইন অনুসৰি যদি কোনোবা কৃষি ভূমি কৃষিৰ অনুপযোগী হৈ গৈছে বা কমেও দহ বছৰ কৃষি নোহোৱাকৈ পৰি আছে তেনেহ’লে সেই ভূমি জিলা উপায়ুক্ত আৰু দুৰ্যোগ প্ৰশমন প্ৰাধিকাৰী কৰ্তৃপক্ষৰ অনুমোদন মৰ্মে শ্ৰেণী পৰিৱৰ্তন কৰি ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰিব পাৰি। কিন্তু দৰিগাজী গাঁৱৰ যি ১০৬ বিঘা শেহতীয়াকৈ ৰিণিকি শৰ্মা ভূঞাৰ কোম্পানীয়ে কিনিছে, সেয়ে কৃষি কৰ্ম হৈ থকা আৰু কৃষি যোগ্য মাটি। গতিকে এই মাটি যে নিয়ম উলংঘা কৰি তথা উদ্দেশ্য প্ৰণোদিতভাৱে শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে সেয়া স্পষ্ট। আনহাতে জিলা উপায়ুক্তই কৃষকৰ কৃষিকৰ্ম হৈ থকা ভূমি অনাকৃষকৰ ওচৰত বিক্ৰি কৰা আৰু তাৰ লগে লগে মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰাৰ বেআইনী তথা নীতি বহিৰ্ভূত কামত অনুমোদন দিলে কেনেকৈ বুলি তেওঁ প্ৰশ্ন কৰে। গতিকে এই সমগ্ৰ ভূমি কেলেংকাৰীৰ এটা ন্যায়িক তদন্ত হ’ব লাগে বুলি তেওঁ কয়। আনহাতে এই তদন্তৰ আওতালৈ জিলা উপায়ুক্ত, মহকুমাধিপতি, ৰাজহ চক্ৰ বিষয়া, মণ্ডল-কানুনগো সকলোকে আনিব লাগে বুলি তেওঁ কয়।