20ছেপ্টেম্বৰ, গুৱাহাটী; কালি আন্তৰাষ্ট্ৰীয় সৰ্প দংশন সজাগতা দিৱসৰ লগত সংগতি ৰাখি বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই সজাগতাৰ সৃষ্টি কৰে।বৰ্তমান সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো সৰ্প দংশনৰ ঘটনা বৃদ্ধি হবলৈ ধৰিছে। ইয়াৰ বিশেষ কাৰণ হ’ল সৰ্পই দংশন কৰিলে ইয়াৰ চিকিৎসা ব্যৱস্থা সন্দৰ্ভত সাধাৰণ নাগৰিকৰ মাজত সজাগতাৰ অভাৱ। সজাগতা অভাৱৰ লগতে বৰ্তমান সময়তো চৰকাৰী চিকিৎসালয় সমূহত এনে চিকিৎসাৰ ব্যৱস্থা নাই। আজিও অসমৰ শিৱসাগৰ দিমৌ মডেল হস্পিতালৰ বাহিৰে বহু চৰকাৰী অসামৰিক চিকিৎসালয়, মডেল হস্পিতাল আদিত কম পৰিমানৰ এন্টি স্নেক ভেনম উপলব্ধ যদিও গৰিষ্ঠ সংখ্যক চিকিৎসালয়ত উপযুক্ত প্ৰশিক্ষণ প্ৰাপ্ত চিকিৎসক, চিকিৎসা কৰ্মী আৰু অন্যান্য প্ৰযুক্তিগত সামগ্ৰীৰ অভাৱ। সেয়ে অসমত প্ৰতি বছৰে শতাধিক সৰ্প দংশনৰ কৱলত পৰা ব্যক্তিৰ মৃত্যু হৈ আহিছে।
এই কথা ব্যক্ত কৰে ভাৰতবৰ্ষৰ আগশাৰীৰ বিশিষ্ট অন্ধবিশ্বাস বিৰোধী নেতা, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। ডঃ শইকীয়াই অলপতে লক্ষীমপুৰৰ লালুক মডেল হস্পিতাল, নাওবৈছা অসামৰিক চিকিৎসালয়, গহপুৰ শ্বহীদ কনকলতা বৰুৱা মহকুমা চিকিৎসালয়, বিশ্বনাথ মহকুমা চিকিৎসালয়, নগাঁওৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়, মিৰ্জা অসামৰিক চিকিৎসালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয় আদি পৰিদৰ্শন কৰি হতভম্ব হয়। কাৰণ আজিকোপতি এই সমূহ চিকিৎসালয়ত সৰ্প দংশনৰ উপযুক্ত কোনো চিকিৎসা ব্যবস্থা নথকাৰ লগতে উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসক নথকাৰ বাবেই বহু লোকৰ মৃত্যু হোৱা পৰিলক্ষিত হৈছে।
বিগত ৮ আৰু ৯ ছেপ্টেম্বৰত গহপুৰ, বিশ্বনাথ আদি অসামৰিক চিকিৎসালয়ত বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া উপস্থিত হৈ এনে পয়ালগা স্বাস্থ্য ও চিকিৎসা ব্যৱস্থা পতক্ষ কৰি পুনৰ হতভম্ব হয়। তেওঁ কয় চৰকাৰৰ এনে সোপাধিলা আৰু অকামিলা কৰ্মকাণ্ডই সাধাৰণ নাগৰিকৰ মৌলিক অধিকাৰৰ লগতে মানৱ অধিকাৰ উলঙ্ঘন কৰিছে। তেওঁ অসম চৰকাৰে চিকিৎসালয়ৰ নামত বৃহৎ বৃহৎ অট্ৰলিকা নিৰ্মান কৰা বুলি চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে।
৮ আৰু ৯ ছেপ্টেম্বৰত ডঃ শইকীয়াই সংবাদ মাধ্যমৰ যোগে অসম চৰকাৰক কৰা তীক্ষ্ণ সমালোচনাৰ পিছতে ১২ছেপ্টেম্বৰত গহপুৰ মহকুমা চিকিৎসালয়ত ছজন চিকিৎসক চৰকাৰে প্ৰদান কৰে। ইয়াৰ পৰবৰ্তী সময়ত ১৩ আৰু ১৫ ছেপ্টেম্বৰত সৰ্প দংশনৰ চিকিৎসাত পাৰদৰ্শিতা থকা চিকিৎসক ডাঃ সুৰজিত গিৰীক প্ৰশিক্ষণৰ বাবে স্বাস্থ্য বিভাগৰ বিভিন্ন জিলাৰ পৰা আমন্ত্ৰণ জনায়। ডঃ দিব্যজ্যোতি শইকীয়াই অসম চৰকাৰ তথা স্বাস্থ্য বিভাগে যাতে অট্ৰলিকামূখী নহৈ সাধাৰণ নাগৰিকৰ স্বাস্থ্যৰ প্ৰতি অধিক দায়বদ্ধতাৰে চিকিৎসা পদ্ধতি অৱলম্বন কৰিবৰ বাবে আহ্বান জনোৱাৰ লগতে শেহতীয়াকৈ সৰ্প দংশনৰ চিকিৎসা ব্যৱস্থাৰ ওপৰত লোৱা কৰ্ম আঁচনি তথা প্ৰশিক্ষণ ব্যৱস্থাক তেওঁ শলাগ লয়।
Home অসম আৰু উত্তৰপূব অন্ধবিশ্বাসৰ কৱলত মানৱ সমাজ, প্ৰয়োজন জ্ঞানবৰ্ধক শিক্ষাৰ, জৰুৰী সৰ্প দংশনৰ সজাগতা ;...










