বিদেশ ভ্ৰমণৰ সময়ত কোন মহিলা গৈছিল মুখ্যমন্ত্ৰীৰ সৈতে ? এগৰাকী ৰহস্যময়ী নাৰীৰ আঁৰৰ কথা ওলাই পৰাৰ লগে লগে এক বিতৰ্কৰ অৱসান ঘটিল। অৱশেষত উক্ত প্ৰশ্নৰ উত্তৰ দিলে খোদ মুখ্যমন্ত্ৰীয়ে।উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে বিগত বৰ্ষত ভেটিকেন চিটিলৈ গৈছিল আৰু সেই সময়ত তেওঁৰ লগত এগৰাকী মহিলা আছিল। ইয়াৰ পিছতে বিৰোধীয়ে উক্ত মহিলাগৰাকীক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰি হুলস্থুল কৰিছিল।অলপতে এই ৰহস্যৰ অৱসান ঘটায় স্বয়ং বিজেডি অধ্যক্ষ তথা উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে। মুখ্যমন্ত্ৰী পাটনায়কে বিধানসভাত কয় যে উক্ত মহিলাগৰাকীৰ নাম শ্ৰদ্ধা আৰু তেওঁ এগৰাকী ফিজিঅথেৰাপিষ্ট।উৰিষ্যাৰ শৰতকালীন অধিৱেশন শেষ হোৱাৰ পূৰ্বে উক্ত প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, তেওঁ এগৰাকী মোৰ ফিজিঅথেৰাপিষ্ট । নাম তেওঁৰ শ্ৰদ্ধা।মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ ভগ্নী গীতা মেহতাই শ্ৰদ্ধাক তেওঁৰ লগত বিদেশ যাত্ৰাত পঠিয়াইছিল। তেওঁ লগতে কয় যে, শ্ৰদ্ধা চৰকাৰী আৱাসত নাছিল আৰু তেওঁৰ খৰচ উৰিষ্যা চৰকাৰে বহন কৰা নাছিল। শ্ৰদ্ধাই নিজে নিজৰ খৰছ বহন কৰিছিল।ৰাজ্যখনৰ বিৰোধী দল বিজেপিয়ে ‘মুখ্যমন্ত্ৰীৰ সৈতে ৰহস্যময়ী নাৰী’ বুলি বিভিন্ন প্ৰশ্নৰে বিতৰ্কৰ সৃষ্টি কৰিছিল। বিগত জুন মাহত ভেটিকেন চিটিত মুখ্যমন্ত্ৰীৰ যাত্ৰাৰ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে বিষয়টো চৰ্চালৈ আহিছিল ।