মৰাণ,৫অক্টোবৰ; ডিব্ৰুগড় জিলাৰ মৰাণ নগৰত আজি দিন দূপৰতে চোকা অস্ত্ৰৰ আক্ৰমণৰ বলি হয় এজন লোক ৷ মৰাণ নতুন নগৰৰ নিবাসী তথা মৰাণ ট্ৰাক ষ্টেণ্ডৰ কৰ্মচাৰী পখনা ওৰাং (২৮) নামৰ যুৱকজনে এজন লগৰীয়াৰ সৈতে কথাপাতি থকা অৱস্থাতে শেখৰউদ্দিন নামৰ এজন লোকে অতৰ্কিতে আক্ৰমণ কৰে ৷ আক্ৰমণকাৰীজনে সমীপতে পূজা মণ্ডপ নিৰ্মাণ কৰি থকা কৰ্মীৰ এখন দা আনি পখনা ওৰাঙক মূৰ আৰু হাতত ঘপিয়াই পলায়ন কৰে ৷ স্থানীয় লোকে আক্ৰমণকাৰীটোক খেদি খেদি কিছুদূৰৰ পৰা কৰায়ত্ব কৰি মৰাণ আৰক্ষীক চমজাই দিয়ে ৷ ইফালে আহত যুৱকজনক মৰাণ ৰাজ্যিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদানৰ পাছত ডিব্ৰুগড় AMCH-লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ একাংশ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি আক্ৰমণকাৰী নগাঁৱৰ শ্বেইখউদ্দিন মানসিক বিকাৰগ্ৰস্ত লোক ৷