মাজুলী,৭ অক্টোবৰঃ ৰাজ্যৰ স্বাস্থ্যখণ্ডত আজিৰে পৰা আনুষ্ঠানিকভাৱে সংযোজিত হ’ল ৰাজ্যৰ প্ৰথমখন নৱনিৰ্মিত আয়ুৰ্বেদিক চিকিৎসালয়। কেন্দ্ৰীয় আয়ুষ, বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত আজি নৱনিৰ্মিত ৫০ খন বিছনাযুক্ত মাজুলী আয়ুৰ্বেদিক চিকিৎসালয় উদ্বোধন কৰে। ৯ কোটি টকা ব্যয়ৰে উজনি মাজুলীৰ শ্ৰীৰাম চাপৰিত নিৰ্মাণ কৰি আয়ুৰ্বেদিক চিকিৎসালয়খন উদ্বোধন কৰি কেন্দ্ৰীয় আয়ুষমন্ত্ৰী সোণোৱালে কয় যে প্ৰাচীন ভাৰতীয় ঋষি-মুনিসকলৰ কঠোৰ সাধনা, দিব্যজ্ঞান আৰু অভিজ্ঞতাৰ সংমিশ্ৰণৰে সৃষ্টি হোৱা পৰম্পৰাগত ভাৰতীয় চিকিৎসা প্ৰণালীয়ে এতিয়া সমগ্য বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ ভূমিকাৰ সূত্ৰে বিশ্বজুৰি ভাৰতত উৎপাদিত আয়ুষ সামগ্ৰীৰ চাহিদা ক্ৰমশঃ বৃদ্ধি পাইছে বুলিও দোহাৰি তেওঁ প্ৰকাশ কৰে যে আয়ুষৰ অধীনত বৰ্তমান দেশত ৯০০ উদ্যোগৰ উন্নয়ন সম্ভৱ হৈছে। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়, ‘ভাৰত চৰকাৰে আধুনিক চিকিৎসা ব্যৱস্থাৰ লগতে পৰম্পৰাগত ভাৰতীয় চিকিৎসা প্ৰণালীকো একেলগে লৈ দেশত এক সংহত চিকিৎসা পদ্ধতি ৰূপে উভয়কে আগবঢ়াই নিয়াৰ ব্যৱস্থা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিক্-দৰ্শনত ভাৰত চৰকাৰৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু আয়ুষ উভয় মন্ত্ৰালয়ে এই দিশত সমন্বিত উদ্যোগ লৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰ্দেশনাৰ আধাৰত দেশৰ ১৯খন এইমছৰ প্ৰতিখনতে ইতিমধ্যে আধুনিক এলোপেথিক চিকিৎসাৰ লগতে পৰম্পৰাগত আয়ুষ চিকিৎসা প্ৰণালীকো সংলগ্ন কৰি জনসাধাৰণৰ বাবে নিজৰ ইচ্ছা অনুসৰি দুয়োটা চিকিৎসা পদ্ধতিৰ বিকল্প গ্ৰহণৰ সুবিধা উপলব্ধ কৰাইছে।’ আয়ুৰ্বেদিক চিকিৎসাৰ ফলপ্ৰসূতাৰ প্ৰসংগত সোণোৱালে কেনিয়াৰ এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ কন্যাই সম্পূৰ্ণ দৃষ্টিশক্তি হেৰুৱাই পেলোৱাৰ পাছত কেৰেলাত তিনিমাহ পৰম্পৰাগত ভাৰতীয় চিকিৎসা গ্ৰহণ কৰি পুণৰ দৃষ্টিশক্তি ঘূৰাই পোৱা বুলিও সভাত সদৰি কৰে। কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে উত্তৰ পূৰ্ৱাঞ্চলত ১০০০ টা আয়ুষ হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ নিৰ্মাণৰ ব্যৱস্থা কৰাৰ লগতে ইয়াৰে ৫০০ অসমত নিৰ্মাণ হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত ৰাইজক সম্বোধি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰাচীন ভাৰতীয় আয়ুৰ্বেদিক চিকিৎসা চিকিৎসা প্ৰণালীৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰাৰ লগতে আয়ুৰ্বেদিক পদ্ধতিৰ পুৰোধা ঋষি আত্ৰেয়, ভেষজ চিকিৎসাৰ জনক চৰকমুনি আৰু শল্য চিকিৎসাৰ জনক মহৰ্ষি সুশ্ৰুতৰ অৱদানকো শ্ৰদ্ধাৰে সোঁৱৰে। স্বাস্থ্যমন্ত্ৰী মন্ত্ৰী মহন্তই কয়, ‘আয়ুৰ্বেদিক চিকিৎসাই প্ৰাচীনকালৰে পৰা চিকিৎসা ব্যৱস্থাত অৰিহণা যোগাই আহিছে। আধুনিক চিকিৎসাৰ সমান্তৰালকৈ বিকল্প চিকিৎসা পদ্ধতি ৰূপে এতিয়া পৰম্পৰাগত ভাৰতীয় চিকিৎসা প্ৰণালীয়েও বিশেষ স্বীকৃতি আৰু জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা বুলিও মন্ত্ৰী মহন্তই উল্লেখ কৰে। তেওঁ কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ প্ৰচেষ্টাত আজি আন্তঃৰাষ্ট্ৰীয় স্তৰতো আয়ুষ তথা পৰম্পৰাগত ভাৰতীয় চিকিৎসা প্ৰণালীক সকলোৱে আঁকোৱালি লৈছে। অসমবাসীৰ বাবে অতি আনন্দৰ কথা যে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালে দায়িত্ব গ্ৰহণৰ পাছত দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় স্তৰতো ভাৰতৰ প্ৰাচীন তথা পৰম্পৰাগত চিকিৎসা পদ্ধতি পুণৰোজ্জীৱিত হৈ ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে। অসমতো আধুনিক চিকিৎসা ব্যৱস্থাৰ উপৰি আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰো বিকাশ সাধনেৰে ৰাইজৰ বাবে বিকল্প চিকিৎসা ব্যৱস্থাৰ বিকল্প আগবঢ়াবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰেও বিশেষ প্ৰয়াস কৰিছে। সমন্বিত প্ৰয়োগেৰে মানৱ শৰীৰত ৰোগৰ উপশম আৰু প্ৰতিৰোধ কৰি জনসাধাৰণৰ স্বাস্থ্যসেৱাৰ সৰ্বাংগীণ কল্যাণ সাধনৰ বাবে আমাৰ চৰকাৰে নিৰন্তৰভাৱে মনোনিৱেশ কৰি আহিছে।’ আনহাতে, মাজুলী আয়ুৰ্বেদিক চিকিৎসালয়খনে সামগ্ৰিক সুস্থতাৰ দিশত মাজুলীবাসীক উপকৃত কৰিব বুলি মতপোষণ কৰি স্বাস্থ্যমন্ত্ৰী মহন্তই কয় যে বহিঃ বিভাগীয় চিকিৎসা সেৱা, আয়ুষ প্ৰণালীৰ শল্য চিকিৎসা, প্ৰসূতি আৰু স্ত্ৰীৰোগ সেৱা, পঞ্চকৰ্ম আৰু ক্ষাৰসুত্ৰ থেৰাপী, যোগ ক্লিনিক আদি বিভিন্ন সুবিধা সম্বলিত এই চিকিৎসালয়খনে অসমৰ স্বাস্থ্যখণ্ডত নতুন মাত্ৰাৰ সংযোগ ঘটাব। আজিৰ এই উদ্বোধনী উদ্বোধন অনুষ্ঠানত লখিমপুৰ আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদদ্বয় প্ৰদান বৰুৱা আৰু তপন কুমাৰ গগৈ, মাজুলী আৰু ঢকুৱাখনাৰ বিধায়কদ্বয় ভুবন গাম আৰু নব কুমাৰ দলে, ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ যোশী, ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰদীপ কছাৰী, মাজুলীৰ জিলা আয়ুক্ত কাবেৰী বি শৰ্মা, ৰাজ্যিক আয়ুষ অভিযানৰ সঞ্চালিকা অনুসূয়া দাস, মাজুলী জিলা পৰিষদৰ অধ্যক্ষা পাপু দত্ত হাজৰিকা, উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী, টকৌবাৰী সত্ৰৰ সত্ৰাধিকাৰ কেশৱ মহন্ত, দিখৌমুখীয়া সত্ৰৰ সত্ৰাধিকাৰ দিলীপ মহন্ত, নতুন কমলাবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ সত্যজিত মহন্তৰ লগতে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়েও অংশগ্ৰহণ কৰা সভাখনলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এটা শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰে।