উত্তৰ গুৱাহাটী,৭ অক্টোবৰঃমুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত গেৰুৱা ৰাজনীতি হোৱা পৰিলক্ষিত হৈছে । ইতিমধ্যে অসমৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয় আৰু বিশ্ব বিদ্যালয়ত মুকলিকৈ ৰাজনীতিৰ প্ৰয়োভৰ ঘটিছে। উত্তৰ গুৱাহাটী
মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত শিক্ষাৰ্থীয়ে দিলে বি জে পিৰ শ্লোগান ।হাতে হাতে বি জে পি দলৰ প্ৰতীক চিহ্ন ছাত্ৰ ছাত্ৰীয়ে হাতে হাতে লৈ বিজেপি জিন্দাবাদ ধ্বনি দিয়ে।ছাত্ৰ একতাৰ নিৰ্বাচনত বি জে পি সমৰ্থিত প্ৰাৰ্থী জয়ৰ পিছত এই আজব কাণ্ড কৰিলে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ একাংশ ছাত্ৰই ।
মহাবিদ্যালয় চৌহদত হোৱা এই ধৰণৰ কাণ্ডক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শৈক্ষিক আৰু সচেতন মহলত ।
উল্লেখযোগ্য যে উক্ত ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পদত মানস দাস আৰু সভাপতি পদত অনুভব চৌধুৰী নিৰ্বাচিত হৈছে ।