টীয়ক, ৯ অক্টোবৰঃচাহ শ্ৰমিকক বাৰে বাৰে প্ৰতাৰণা কৰাৰ বিৰুদ্ধে তথা ২০১৮ চনতে শ্ৰম আয়ুক্তই দাখিল কৰা ৩৫১.৩৩/- টকা মজুৰিৰ প্ৰস্তাৱ বিজেপি চৰকাৰে আজি পাঁচটা বছৰেও কাৰ্যকৰী নকৰাকে ধৰি কেবাটাও দাবীৰে অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ টীয়ক শাখাই সমগ্ৰ ৰাজ্যৰ লগতে আজি টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।টীয়কৰ বলমা তিনিআলিৰ পৰা প্ৰায় শতাধিক চাহ শ্ৰমিকে চৰকাৰী বিৰোধী শ্ল’গানেৰে ৰেলী কৰি আহি ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।লগতে অনতি পলমে চাহ শ্ৰমিকৰ মজুৰি ৫৫৫/- টকালৈ বৃদ্ধি কৰিবলৈ চৰকাৰক দাবী জনায়।উল্লেখযোগ্য যে পূৰ্বে নিৰ্ধাৰিত মজুৰি বৃদ্ধিৰ বাবে শ্ৰম আয়ুক্ত আৰু চৰকাৰৰ উমৈহতীয়া আলোচনা মৰ্মে মজুৰি কিছু বৃদ্ধি কৰিছিল যদিও সেয়া বৰ্তমানৰ চৰকাৰে আজিও সন্দেহজনকভাৱে কাৰ্যকৰী নকৰি কেৱল অন্ত:ৱতীকালীন এক নূন্যতম সাহাৰ্য প্ৰদান কৰিয়েই শ্ৰমিকসকলক প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰি আহিছে।ইপিনে চাহ কোম্পানীৰ মালিকপক্ষৰ সৈতে গোপন বুজাবুজিৰে বহুসময়ত তেওঁলোকৰ কৰ মাফ কৰি আহিছে যদিও প্ৰকৃতাৰ্থত চৰকাৰখনে শ্ৰমিকসকলৰ মজূৰিকে ধৰি স্বাস্থ্য,খোৱাপানী,ৰাষ্টা পদুলি আদিবোৰ সুবিধাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা নাই।সেয়ে এইসমূহ সমস্যা অনতি পলমে সমাধান বিচাৰি আজি প্ৰতিবাদীসকলে ৰাজহ চক্ৰ বিষয়াৰ যোগেদি ৰাজ্যৰ ৰাজ্যপাললৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে অন্যথা অনাগত দিনত তিব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ় দিয়াৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে।
Home অসম আৰু উত্তৰপূব টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই প্ৰাপ্য বিচাৰি...










