লখিমপুৰ, ১৫ অক্টোবৰ,লখিমপুৰ জিলাৰ লক্ষীমপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৮ টা গাওঁ পঞ্চায়ত কাৰ্য্যলয়ৰ বিষয়া কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত “মেৰী মাটি, মেৰী দেশ” কাৰ্যসূচীৰ অংশস্বৰূপে অমৃত কলহ যাত্রাৰ সভাখন লক্ষীমপুৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ সমীপৰ খেলপথাৰত অনুষ্ঠিত হৈ যায়।
জাতীয় সংগীতেৰে আৰম্ভ কৰা উক্ত সভাত জিলা আয়ুক্ত সুমিত সত্তাৱানে আদৰণি ভাষণ প্ৰদান কৰে। ভাষণত তেখেতে অমৃত কলহ যাত্রাত বিপুল সঁহাৰি আৰু সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা গাওঁ পঞ্চায়ত আৰু উন্নয়ন খণ্ডৰ ৰাইজক বিশেষকৈ মহিলা সকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেখেতে সকলোকে ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত সংকল্পবদ্ধ হবলৈ আহ্বান জনায়। সভাত ৮খন পঞ্চায়তৰ জীৱিত মুক্তি যুঁজাৰুসকলক আৰু প্ৰয়াত মুক্তিযুঁজাৰু সকলৰ পৰিয়ালৰবৰ্গক সম্বৰ্ধনা জনোৱা হয়। উক্ত সভাতেই “উদযাপন” নামেৰে এখন স্মৰণিকা উন্মোচন কৰা হয়।সভা অনুষ্ঠিত হোৱাৰ আগেয়ে গায়ন বায়নৰ সৈতে পঞ্চায়ত সমূহৰ স্থানীয় ৰাইজে সমদল কৰি মাটিৰ কলহসমূহ উন্নয়ন খণ্ডৰ খেলপথাৰলৈ লৈ আনে। প্ৰতিটো পঞ্চায়তৰপৰা অনা মাটিসমূহ সংমিশ্ৰণ কৰি উন্নয়ন খণ্ডলৈ চৰকাৰীভাৱে প্ৰেৰিত দুটি পিতলৰ কলহত দান দিয়া হয়। এই কলহ দুটি অহা ২৫ অক্টোবৰত গুৱাহাটীলৈ লৈ যোৱা হব। তমক ৰঞ্জন দত্তই সুন্দৰ উপস্থাপনেৰে আঁত ধৰা এই সভাত লক্ষীমপুৰ উন্নয়ন খণ্ড আৰু বগলীজান পঞ্চায়তৰ কৰ্মচাৰীয়ে দুটি সুন্দৰ সমবেত সংগীত পৰিবেশন কৰাৰ লগতে মিছিং জনগোষ্ঠীৰ এটি গুমৰাগ নৃত্য প্ৰদৰ্শন কৰে।ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি পেলোৱা সভাখনত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰ, সমাজকৰ্মী ফণীধৰ বৰুৱা, উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা, নগৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি সমীৰণ কোঁৱৰ, জনসংযোগ বিষয়া মন্দিৰা চায়েঙিয়া, সহকাৰী আয়ুক্ত নিজৰা বড়ো, লক্ষীমপুৰ খণ্ড উন্নয়ন বিষয়া সেউতী দলে, তেলাহি খণ্ড উন্নয়ন বিষয়া ৰীয়া মেচ, আঞ্চলিক পঞ্চায়তৰ উপসভাপতি বসন্ত দাস, গাওঁ প্ৰধান, গাওঁ পঞ্চায়তৰ সভাপতি, সম্পাদক, ৱাৰ্ড সদস্য ,উন্নয়নখণ্ড আৰু পঞ্চায়ত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল, বিভিন্ন আত্মসহায়ক গোটৰ মহিলাসকল ,জীৱিকা সখী, বেংক সখী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।