তামুলপুৰ, ১৯ অক্টোবৰঃৰাজ্য চৰকাৰৰ সিদ্ধান্ত মৰ্মে তামুলপুৰতো তামুলপুৰ জিলা প্ৰশাসন আৰু তামুলপুৰ মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ বিপুল সহাৰিৰে অসমীয়া জাতীয় জীৱনৰ অন্যতম বাপতি সাহোন কাতি বিহু পালন কৰা হয়। তামুলপুৰ জিলাৰ তামুলপুৰ কৃষি উন্নয়ন চক্ৰৰ অধীনস্থ ৪নং দক্ষিণ কুমাৰীকাটা ভিচিডিচিৰ মাজদিয়াত জাতীয় পৰপম্পৰা ৰক্ষা কৰি পালন কৰা কাতি বিহুৰ সমান্তৰালকৈ এখন সজাগতা মূলক সভাও অনুষ্ঠিত কৰা হয়। তামুলপুৰ মহকুমা কৃষি বিভাগৰ কৃষি সম্প্ৰসাৰণ সহায়ক ৰজনী বৰ্মনে আঁতধৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে তামুলপুৰ মহকুমা কৃষি বিষয়া টিকেন্দ্ৰজিৎ তালুকদাৰে। এই অনুষ্ঠানতে সমবেত কৃষক ৰাইজৰ মাজত কৃষি বিভাগৰ বিভিন্ন আঁঁচনি আৰু কৃষকে তাৰ পৰা পাব পৰা সুবিধা সম্পৰ্কে বিষদভাৱে আলোকপাত কৰে কৃষি উন্নয়ন বিষয়া বিশাখা দেৱে। সভাত অতিথি হিচাপে উপস্থিত থাকি বিটিআৰৰ মনোনীত এমচিএলএ হেমন্ত কুমাৰ ৰাভাই কয়ঃ আমি আমাৰ বাপতি সাহোন ৰঙালী বিহু, ভোগালী বিহু অতি উলহ মালহেৰে পালন কৰো যদিও কাতি বিহু তেনেদৰে পালন কৰা নহয়। তেওঁ কয় আমাৰ বাপতি সাহোন কাতি বিহুটি অধিক পৰিমাণে যাতে গ্ৰামাঞ্চলৰ ৰাইজৰ মাজলৈ বিশেষকৈ নৱ প্ৰজন্মৰ মাজলৈ লৈ যাব পাৰোঁ তাৰ প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব। কাতি বিহুৰ সময়ত খেতি বাতি ভাল হবলৈ বুলি আই লক্ষ্মীক প্ৰাৰ্থনা কৰাৰ যি পৰম্পৰা সেই পৰম্পৰা অটুট থকাৰো কামনা কৰে এমচিএলএ গৰাকীয়ে । অনুষ্ঠানত উপস্থিত থাকি তামুলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ইলিমা কান্দুলিনাইয়ো সাৰুৱা বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানৰ মাজতে অঞ্চলটোৰ পাঁচ গৰাকী প্ৰগতিশীল কৃষক বালাবাৰীৰ মনেশ্বৰ কলিতা, হাঁহকাটাৰ অমৰেন্দ্ৰ সেন, মাজদিয়াৰ ডালিম বড়ো, কাহিবাৰীৰ ডম্বৰুধৰ বড়ো আৰু যোগেন বড়োক গামোচাৰে সম্বৰ্ধনা জনোৱাৰ উপৰিও মাকৈৰ বীজ প্ৰদান কৰে। ইয়াৰ পিছতে সন্ধিয়াৰ ভাগত পৰম্পৰাগত ভাৱে পথাৰত বন্তি প্ৰজ্বলন আৰু আকাশ বন্তি প্ৰজ্বলন কৰা হয়। বিটিআৰৰ মনোনীত এমচিএলএ হেমন্ত কুমাৰ ৰাভাই মুখ্য বন্তি প্ৰজ্বলন কৰাৰ পিছত বন্তি আৰু আকাশ বন্তি প্ৰজ্বলন কৰে তামুলপুৰ জিলাৰ সহকাৰী আয়ুক্ত অৰুণিমা কাকতি, চক্ৰ বিষয়া ইলিমা কান্দুলিনা, মহকুমা কৃষি বিষয়া টিকেন্দ্ৰজিৎ তালুকদাৰ আদিয়ে। উক্ত অনুষ্ঠানত কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী আৰু স্থানীয় কৃষক ৰাইজ উপস্থিত থাকে।










