২৭ অক্টোবৰ,গুৱাহাটী : আজি আগবেলাৰ ভিতৰতে দুটাকৈ মৃতদেহ উদ্ধাৰ। প্ৰথমটো মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চান্দমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ হোষ্টেলৰ কাষত উদ্ধাৰ হৈছে দ্বিতীয়টো মৃতদেহ। ইটোৰ পাছত সিটো মৃতদেহে স্বাভাৱিকতে গুৱাহাটীত নিৰাপত্তা হীনতাত ভুগিছে মহানগৰবাসী। সচেতন মহলৰ মতে গৃহ বিভাগৰ ব্যৰ্থতাৰ বাবেই গুৱাহাটীৰ লগতে ৰাজ্যত ইটোৰ পাছত সিটো ঘটনা সংঘটিত হৈ আছে। পূৰ্বৰ তুলনাত অসমত অপৰাধ জনিত ঘটনা সংঘটিত হোৱাটোৱে এইটোৱেই সূচায় যে ৰাজ্যৰ পৰিবেশ তুলনামূলক ভাৱে অস্থিৰ।










