লখিমপুৰ, ৩০ অক্টোবৰ ; ‘ঊনবিংশ শতিকাৰপৰাই বুৰঞ্জীৰ বিভিন্ন ঘটনা পৰিঘটনাৰ আলম লৈ অসমীয়া উপন্যাস ৰচিত হৈছে যদিও সেইসমূহত বুৰঞ্জীৰ তথ্য অন্বেষণৰ প্ৰৱণতা গঢ় লোৱা নাছিল৷ লাহে লাহে উপন্যাস ৰচনাৰ শৈলীৰ পৰিৱৰ্তন সাধন হ’ল৷ লিখিত বুৰঞ্জীত স্থান নোপোৱা অথচ জনশ্ৰুতিৰ জৰিয়তে সাধাৰণ লোকৰ মুখে মুখে প্ৰচলিত কিছুমান চৰিত্ৰই অসমীয়া সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে বিষদভাৱে অধ্যয়ন কৰিলে আচৰিত নহৈ নোৱাৰি৷ সাহিত্যিক এজনৰ অধ্যয়নলিপ্সা, অনুসন্ধিৎসু মন আৰু সত্য উদঘাটনৰ আগ্ৰহৰ বাবেই এনেধৰণৰ প্ৰান্তীয় চৰিত্ৰসমূহক সাধাৰণ পাঠকৰ অধিক ওচৰ চপাই অনাত সহায় কৰে৷’– এই মন্তব্য বিশিষ্ট লেখক তথা সাংবাদিক পুলিন কলিতাৰ৷ আজি নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগে আয়োজন কৰা ‘বুৰঞ্জী, জনশ্ৰুতি আৰু শৰাইঘাটৰ ৰণ’ বক্তৃতানুষ্ঠানত সমল ব্যক্তি হিচাপে অংশ লৈ তেওঁ এইদৰে কয়৷ কলিতাই তেওঁৰ শেহতীয়াকৈ প্ৰকাশিত উপন্যাস ‘লাইধন খাঁ’ ৰচনা কৰিবলৈ যাওতে কৰা বিস্তৃত গৱেষণা আৰু ক্ষেত্ৰ অধ্যয়নৰ ভিত্তিত এটি আলোকসন্ধানী বক্তৃতা প্ৰদান কৰে৷ স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনৰপৰা প্ৰায় ডেৰশ বছৰৰ অসমৰ ইতিহাসৰ বিভিন্ন অনালোচিত দিশ তেওঁ উত্থাপন কৰে৷ অসম বুৰঞ্জীসমূহৰ লগতে মোগলসকলে লিখা অসম সম্পৰ্কীয় নথিসমূহত যে বহুতো অজানা তথ্য পাব পাৰি তেওঁ সেই প্ৰসঙ্গও উত্থাপন কৰে৷ বক্তৃতা অনুষ্ঠানটোৰ সভাপতিত্ব কৰে নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড॰ অৰবিন্দ ৰাজখোৱাই৷ ৰাজখোৱাই অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত পুলিন কলিতাই আগবঢ়োৱা অৱদানৰ বিষয়ে দু-আষাৰ কয় আৰু অসম বুৰঞ্জীৰ চিৰিয়াছ চৰ্চা কৰা চিন্তাশীল মুষ্টিমেয় ব্যক্তিসকলৰ ভিতৰত পুলিন কলিতা অন্যতম বুলি কয়৷ বক্তৃতাৰ অন্তত মুকলি আলোচনাত ভাগ লয় দৈনিক অসম কাকতৰ লখিমপুৰৰ সাংবাদিক প্ৰিয়ম ফুকন, সহকাৰী অধ্যাপক ড॰ ধীৰাজ পাটৰ, ছাত্ৰ মহানন্দ শইকীয়া, বিবেকানন্দ গগৈ আদিয়ে ৷ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড॰ ধনৰঞ্জন কলিতা, গৱেষক-গৱেষিকা আৰু ভালেসংখ্যক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে