লখিমপুৰ,৭ নৱেম্বৰঃনৱ-গঠিত ৭৪ নং ৰঙানদী সমষ্টিত ভাৰতীয় জনতা পাৰ্টি ৰ প্ৰথমখন গণসমাবেশ আজি লালুক গণ ভৱনৰ খেলপথাৰত অনুষ্ঠিত হয়। বিজেপিৰ লখিমপুৰ জিলা সমিতিৰ তত্ত্বাৱধানত নাওবৈচা আৰু কৰুনাবাৰী মণ্ডল বিজেপিৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰথম খন বিশাল গন সমাবেশত সমষ্টিটোৰ হাজাৰ হাজাৰ লোক বিভিন্ন প্ৰান্তৰ পৰা আহি সমাবেশত উপস্থিত থাকে৷ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাক ক্ষনত অনুষ্ঠিত হোৱা এই সমাবেশে নতুনকৈ গঠন হোৱা সমষ্টিটোৰ বাবে বিশেষ তাৎপৰ্য বহন কৰিছে । এই বিশাল জন সমাবেশত অসম চৰকাৰৰ দক্ষ মন্ত্ৰী পিয়ুয হাজৰিকা, লখিমপুৰ লোক সভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, লখিমপুৰ বিধান সভা সমষ্টিৰ বিধায়ক মানৱ ডেকা, বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভুঞা, লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফনীধৰ বৰুৱা , অসম চৰকাৰ যুৱ আয়োগৰ সদস্য ঋষিৰাজ হাজৰিকা, বিজেপিৰ কৃষাণ মৰ্চাৰ ৰাজ্যিক সদস্য জগদীশ গুপ্তাকে ধৰি কেইবাগৰাকীও বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ নেতা কৰ্মী উপস্থিত থাকে৷ সভাত সাংসদ প্ৰদান বৰুৱাই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে৷ সভাত সাংসদ গৰাকীয়ে নিজা সমষ্টিৰ চাৰিসীমাটোকে চিনি নোপোৱা কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৰাইজৰ হৈ কি কাম কৰিব বুলি মন্তব্য কৰে৷ বৰ্তমান নাওবৈচা সমষ্টিৰ বিধায়ক ভৰত নৰহে সমষ্টিটোৰ অতি ভিতৰুৱা আৰু বানপীড়িত অঞ্চল নাওবৈচাৰ গেলাহাটী,বলমা,খেৰখাটি আদি অঞ্চলৰ কথা বুজি নাপায় বুলি সাংসদ গৰাকীয়ে উল্লেখ কৰে। সভাত সাংসদ গৰাকীয়ে কংগ্ৰেছৰ লগতে ৰাইজৰ দল, অসম জাতীয় পৰিষদকো তীব্ৰ বাক্যবানে থকা সৰকা কৰে৷ সভাত কংগ্ৰেছ সভাপতি ভুপেন বৰা, ৰাইজৰ দলৰ অখিল গগৈ, অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈকো ক্ষুৰধাৰ সমালোচনা কৰে৷ সভাত মন্ত্ৰী পিয়ুষ হাজৰিকাই বৰ্তমানৰ চৰকাৰখনে ৰাইজৰ উন্নতিৰ হকে কাম কৰি থকা উল্লেখ কৰি চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনি সমুহৰ কথা ৰাইজৰ সন্মুখত ব্যক্ত কৰে৷ মন্ত্ৰী গৰাকীয়ে বিজেপিৰ চৰকাৰৰ দিনত অসমৰ হাজাৰ হাজাৰ নিৱনুৱা যুৱক যুৱতী সকলে নিজা দক্ষতাৰ বলত এটকা ও খৰচ নকৰাকৈ চাকৰি লাভ কৰাৰ কথা ভাষনত উল্লেখ কৰে৷ লগতে কয় যে আগন্তুক ছয়মাহৰ ভিতৰত আৰু ১৫ হাজাৰ আৰু আঢ়ৈ বছৰৰ ভিতৰত বহু হাজাৰ নিৱনুৱা যুৱক যুৱতীক এইখন চৰকাৰে পুনৰ চাকৰি দিব ।১৪ শ টকাকৈ অৰুণোদয় আচঁনিৰ ধন বৃদ্ধি কৰাৰ কথাও মন্ত্ৰী গৰাকীয়ে সভাত ব্যক্ত কৰে। মন্ত্ৰী গৰাকীয়ে কয় যে কংগ্ৰেছৰ দিনত নগৰ চহৰ অঞ্চলৰ ডাঙৰ ডাঙৰ মানুহৰ দুখন তিনিখন গাড়ী থকা ঘৰৰ ল’ৰাই চাকৰি পাইছিল আজি কিন্তু এই পৰিবেশ সলনি হৈছে৷ বিজেপিৰ দিনত সৰ্বসাধাৰণ ৰাইজৰ দক্ষতাপুৰ্ণ যুৱক যুৱতীয়ে চাকৰি পাবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী পিয়ুয হাজৰিকাই। মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত আগন্তুক লোক সভা নিৰ্বাচনত বিজেপি মিত্ৰজোটে ১২ খন আসন আৰু বিধান সভা নিৰ্বাচনত ১০০ খন আসন লাভ কৰিব বুলি মন্তব্য কৰে৷ মন্ত্ৰী গৰাকীয়ে কংগ্ৰেছকো তীব্ৰ সমালোচনা কৰে৷ সভাত বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভুঞাই ও ভাষন প্ৰদান কৰি বিজেপি চৰকাৰৰ জনহিতকৰ কামৰ কথা ৰাইজক অৱগত কৰে৷পুৱা ১১ আৰম্ভ হোৱা সভাখনত উদ্বোধনী ভাষন আগবঢ়াই লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফনীধৰ বৰুৱাই৷ কৰুনাবাৰী মণ্ডল বিজেপিৰ সভাপতি ভৱেন শইকীয়াই আঁত ধৰা জন সমাবেশ খনত লখিমপুৰ জিলা বিজেপিৰ নেতা ৰাও গজেন্দ্ৰ সিং, নাওবৈচা মণ্ডল বিজেপিৰ সভাপতি ৰঞ্জিত পাৱে, কৰুনাবাৰী মণ্ডল যুৱ মৰ্চাৰ সভাপতি ড° লক্ষ্যজিত ভুঞাকে আদি কৰি বিজেপিৰ নেতা কৰ্মীৰ লগতে বিভিন্ন মৰ্চাৰ বিষয় ববীয়া উপস্থিত থাকে৷