লখিমপুৰ, ১৫ নৱেম্বৰ ; লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগেই ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ মাজত শক্তি প্ৰদৰ্শনৰ যুঁজ আৰম্ভ হৈছে । কি বিজেপি কি কংগ্ৰেছ প্ৰতিটো ৰাজনৈতিক দলেই আৰম্ভ কৰিছে দলীয় যোগদান কাৰ্য্যসূচী । আজি লখিমপুৰ জিলাৰ ৰঙানদী বিধানসভা সমষ্টি আৰু লখিমপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছ-বিজেপি দলে পৃথকে পৃথকে যোগদান কাৰ্যসূচী চলায় । আজি ৰঙানদী সমষ্টিত জুযূধান ৰূপত কংগ্ৰেছে কৰিলে যোগদান কাৰ্য্যসূচী । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু পবন সিং ঘাটোৱাৰৰ উপস্থিতিত কংগ্ৰেছ দলত আজি যোগদান কৰিলে ১৩০ জন বিজেপি আৰু অগপ কৰ্মীয়ে । কংগ্ৰেছ দলত যোগদান কৰিলে বিজেপিৰ লখিমপুৰ জিলা সমিতিৰ আইন কোষৰ আহ্বায়ক হৰেন শৰ্মা সহ ভালে সংখ্যক বিজেপি ,অগপ কৰ্মীয়ে ।যোগদান কাৰ্যসূচীত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ে কয় – অসমত যিমান বিজেপি বিৰোধী ৰাজনৈতিক , সামাজিক বিভিন্ন সংগঠন ,অনুষ্ঠান আছে আমি সকলোকে একত্ৰিত হবৰ বাবে আহ্বান জনাইছোঁ। সেইয়ে যি সকলে সহযোগ তথা যোগদান কৰিব বিচাৰিছে আমি তেওঁলোকক আন্তৰিকতাৰে সৈতে আদৰণি জনাইছো । এই কাৰ্যসূচী ধাৰাবাহিক ভাবে চলি থাকিব । তেওঁ বিজেপিক সমালোচনা কৰি কয় – যি সকলে মানুহৰ মূল্য কোটি টকা দিব পৰা হৈছে ,সেই সকলে সাধাৰণ মানুহখিনিক ১২শ টকা কিয় দি আছে ।আমিতো বেলেগ বেলেগ ৰাজ্যত ৫শ টকাত গেছ ছিলিণ্ডাৰ দি আছো, ২শ ইউনিত বিজুলী বিনামূলীয়াকৈ দি আছো ।মোক দিব বিচৰা ২৫ কোটি টকাটোৰে চাহ শ্ৰমিকৰ মজুৰীটোকে বঢ়াই দিয়ক ,গেছ ছিলিণ্ডাৰ ৫শ টকাকৈ বিনামূলীয়াকৈ দিয়ক । বিজেপিয়ে এই কাৰ্যসূচীবোৰ কিয় নকৰে আৰু বিজেপিৰ এই টকাৰ উৎসটো কি ? সেইকাৰণেই আমি এছ আই টি গঠন কৰিম । মটৰ চাইকেল চলোৱা মানুহৰ হাতত ইমান টকা কৰ পৰা আহিল বুলিও প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে প্ৰশ্ন কৰে । বদৰুদ্দিন আজমলৰ প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় – এই গোটেই কাৰুকাৰ্যত মুখ্যমন্ত্ৰীৰ অৰিহণা আছে আৰু দিহা পৰামৰ্শ আছে । মুখ্যমন্ত্ৰীৰ আশীৰ্বাদৰ হাতখন বদৰুদ্দিন আজমলৰ মূৰৰ ওপৰত আছে । মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতেই অসমীয়াত্ব আৰু হিন্দুত্বৰ মাজত আজি সংঘাতৰ সৃষ্টি হৈছে ।ধৃতৰাষ্টৰ দৰেে বিজেপিয়ে য়ে সংবাদমাধ্যমক হত্যা কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ তোলে । তেওঁ কয় -অসমত কংগ্রেছ চৰকাৰ হলে চিলিণ্ডাৰ দাম ৫০০ টকা হব ।
অসমৰ কৰ্মচাৰীৰ পেঞ্চনৰ ব্যবস্থা কৰিব । অসমৰ লখিমপুৰ জিলাৰ ৫ খন বিধানসভা সমষ্টিত জয়ী হৈ অসমত কংগ্রেছে চৰকাৰ গঠন কৰি বুলি দাবী কৰে। ইফালে যি সকলে মোক ২৫ কোটি টকাত কিনিব বিছাৰে কংগ্রেছ চৰকাৰ শাসনলে আহিলে সেই সকলক আইনৰ ব্যবস্থাৰে বিহিত ব্যবস্থা গ্রহণ কৰা হব বুলিও সকীয়নী দিয়ে ।
সম্প্ৰতি ডবল ইঞ্জিন বিকল হব, ডবল ইঞ্জিনৰ চাবি বন্ধ কৰি ২৬ত অসমৰ ৰাইজে কংগ্রেছ চৰকাৰ সমৰ্থন কৰিব । প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয়- দেশত প্ৰচণ্ড ধুমুহা আহিব তিনি ডিচেম্বৰত । ইয়াৰ বাবে ৰাইজে অপেক্ষা কৰিব লাগিব তিনি ডিচেম্বৰলৈ । বিজেপিয়ে যি প্ৰতাৰণা কৰিছে তাৰ ফল মধ্যপ্ৰদেশ, ছটিছগঁড় ,আদিৰ নির্বাচনে দেখুৱাব । এই আটাইকেইখন ৰাজ্যত আহিব কংগ্ৰেছ চৰকাৰ ।
ইফালে আজি লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মৈদামীয়াত অৱস্থিত অটল বিহাৰী বাজপেয়ী ভবনত ভাৰতীয় জনতা যূব মৰ্চ্চাৰ উদ্যোগতো এক যোগদান কার্যসূচী অনুষ্ঠিত হয় । উক্ত যোগদান কাৰ্যসূচীত বিধায়ক মানৱ ডেকা ,যুৱ মৰ্চ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাথ অংকুৰ বৰুৱা , ৰাজ্যিক সাধাৰণ সম্পাদক ত্ৰিদীপ জ্যোতি মৰাং , ভাৰতীয় জনতা পাৰ্টীৰ লখিমপুৰ জিলা সভাপতি ফণীধৰ বৰুৱা, যুৱ মৰ্চ্চাৰ জিলা সভাপতি পিজুছ বৰুৱা, আদিয়ে অংশ গ্ৰহণ কৰে । যোগদান কাৰ্যসূচীত সাত শতাধিক যুৱক যূৱতীয়ে বিজেপিত যোগদান কৰে ।