গুৱাহাটী;১৮নৱেম্বৰ:কালি গুৱাহাটীত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে অসমত সংঘটিত ৫৬ টা গোচৰৰ শুনানিৰ মীমাংসা হিচাপে ৰাজ্য চৰকাৰক ক্ষতিপূৰণ হিচাপে তিনি কোটি প’ষ্পন্ন লাখ টকা ক্ষতি পূৰণ হিচাপে ভুক্তভূগি পৰিয়ালক শীঘ্ৰে আদায় দিবলৈ নিৰ্দেশ প্ৰদান কৰে। এই কাৰ্যক আদৰণি জনাইছে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। আয়োগে অসম চৰকাৰৰ লগতে উত্তৰ পূব ৰেলৱেক এই নিৰ্দেশ দিয়ে। অলপতে গোলাঘাট জিলাৰ দেৰগাঁৱৰ এজন নিৰীহ যুৱকে আৰক্ষীয়ে কৰা নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ হিচাপে আত্মহত্যা কৰিছিল। এই আত্মহত্যাৰ ঘটনাৰ লগতে অসম আৰক্ষীৰ দ্বাৰা ৪৫ টা ভুৱা এনকাউণ্টাৰ ঘটনাক লৈ মুঠ ৫৬ টা ঘটনাৰ শুনানিৰ মীমাংসাত উক্ত ক্ষতিপূৰণ প্ৰদান কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে। মানৱ অধিকাৰ আয়োগে এক বিশেষ ঘটনা সন্দৰ্ভত ৰেলৱেক ছয় সপ্তাহৰ ভিতৰত নিহত, আহত আৰু নিখোজ হোৱা পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ভুৱা এনকাউণ্টাৰ আৰু আত্মহত্যাৰ ঘটনা সন্দৰ্ভত অন্যতম সৰৱ ভাবে সোচ্চাৰ ভূমিকা পালন কৰি আহিছে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। এই সন্দৰ্ভত ডঃ শইকীয়াই কয় যে অদূৰ ভৱিষ্যতে নিৰীহ নিৰ্দোষী সাধাৰণ মানুহৰ মানৱ অধিকাৰৰ বাবে মাত মাতি যাব বুলি তেওঁ উল্লেখ কৰে।