লখিমপুৰ, ১৮ নৱেম্বৰ ঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ থানাৰ অন্তৰ্গত বৰবৰী গাঁৱত ২০১২ বৰ্ষৰ ২২ অক্টোবৰত সংঘটিত হোৱা এক হত্যাকাণ্ড সন্দৰ্ভত আজি লখিমপুৰৰ আদালতে তিনিজন লোকক সশ্ৰম কাৰাদণ্ড বিহে৷ বৰবৰী গাঁৱৰ বিষ্ণু দাস নামৰ লোকজনৰ মৃত্যুক কেন্দ্ৰ কৰি দীৰ্ঘদিন ধৰি চলি থকা বিচাৰৰ অন্তত আজি লখিমপুৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে পদ্মধৰ দাস, শিৱৰাম দাস আৰু তিলক দাসক সশ্ৰম কাৰাদণ্ড বিহে৷ ঘটনাৰ বিবৱণী অনুসৰি ২০১২ চনৰ ২২ অক্টোবৰত বৰবৰী গাঁৱত বিষ্ণু দাস নামৰ শিক্ষক জনে গীতাপাঠ কৰি নিজৰ ঘৰলৈ বুলি আহি থকাৰ সময়তে একেখন গাঁৱৰে পদ্মধৰ দাস, শিৱৰাম দাস আৰু তিলক দাসে বিষ্ণু দাসক দা, ৰড, পচা আদিৰে বৰ্বৰভাৱে হানি-খুচি আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে৷ আহত বিষ্ণু দাসক চিকিৎসালয়লৈ নিয়াৰ পূৰ্বেই ঘটনাস্থলীতে বিষ্ণু দাসৰ মৃত্যু হয়৷ এই ঘটনা সন্দৰ্ভত ২৩ অক্টোবৰত বিষ্ণু দাসৰ ভগ্নী ৰীনা দাসে নাৰায়ণপুৰ থানাত একন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ১০৩/২০১২ অধীনত এক গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৩২৬/৩০২/৩৪ ধাৰাত অভিযুক্ত তিনিওকে গ্ৰেপ্তাৰ কৰে৷ দীৰ্ঘদিন ধৰি লখিমপুৰৰ আদালতত বিচাৰ চলাৰ অন্তত আজি লখিমপুৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে আটাইকেইজনকে সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে৷ একেদৰে আদালতে অভিযুক্তক ১৫ হাজাৰ আৰু ১০ হাজাৰ টকাৰো জৰিমনা বিহে৷ ইতিমধ্যে আটাইকেইজনকে আদালতে জেললৈ প্ৰেৰণ কৰে৷ উক্ত গোচৰটো চৰকাৰী পক্ষৰ হৈ ওকালতি কৰিছিল জ্যেষ্ঠ অধিবক্তা যজ্ঞেশ্বৰ শইকীয়াই আৰু অভিযুক্ত পক্ষৰ হৈ ওকালতি কৰিছিল জ্যেষ্ঠ অধিবক্তা মিনাক্ষী গোঁহাই বৰুৱাই৷