লখিমপুৰ , ২৩ নৱেম্বৰ ঃ লখিমপুৰ নগৰৰ সমীপৱৰ্তী তেলীয়া গাঁৱত আজি বিদ্যুৎপৃষ্ট হৈ এগৰাকী বৰ্ষীয়ান মহিলাৰ কৰুণ মৃত্যু ঘটে৷ ঘটনাৰ বিৱৰণী অনুসৰি আজি প্ৰায় ১০ মান বজাত গাঁওখনৰ চেনীমাই শইকীয়া [৬৫] নামৰ মহিলাগৰাকীয়ে তেলীয়া-তিনিকুৰীয়া পথাৰত ধান কাটিবলৈ যাওঁতে ধাননিত পৰি থকা উচ্ছ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু ঘটে৷ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা তেলীয়া গাঁৱৰ লক্ষী শইকীয়াৰ পত্নী চেনীমাই শইকীয়াৰ এনেদৰে মৃত্যু ঘটাত গাঁওবাসীয়ে এ. পি. ডি. চি. এল. ৰ গাফিলতিৰ বাবেই এনে এক কৰুণ ঘটনা সংঘটিত হ’ল বুলি প্ৰতিক্ৰয়া প্ৰকাশ কৰিছে৷ উল্লেখ্য যে বিগত প্ৰায় এমাহ মান ধৰি বিদ্যুৎ পৰিবাহী তাঁৰডাল এনেদৰে ধাননিত পৰি থকাৰ বিষয়ে বিদ্যুৎ কোম্পানীৰ বিষয়া কৰ্মচাৰীক জনাই আহিছিল যদিও কোনোধৰণৰ ব্যৱস্থা নোলোৱাৰ বাবেই এই কাণ্ড সংঘটিত হ’ল বুলি জানিবলৈ দিয়ে৷ মহিলাগৰাকীৰ এনেদৰে মৃত্যু হোৱাত স্থানীয় ৰাইজে লখিমপুৰ জিলা প্ৰশাসন আৰু অসম শক্তি বিতাৰক কোম্পানী লিমিটেডক ১০ লাখ টকাৰ এককালীন সাহাৰ্য্য ক্ষতিপূৰণ হিচাপে দিবৰ বাবে দাবী জনাইছে ।

Home অসম আৰু উত্তৰপূব লখিমপুৰত ধাননি পথাৰত বিদ্যুৎপৃষ্ট হৈ মহিলাৰ মৃত্যু ঃ প্ৰতিক্ৰিয়া ১০ লাখ টকাৰ...