হাওৰাঘাট,১২ডিচেম্বৰ: অসমৰ সংবাদ ক্ষেত্ৰখনত মফচলীয়া সাংবাদিক তথা সংবাদকৰ্মী সকলৰ সুৰক্ষাৰ লগতে সংবাদ মাধ্যমৰ মৰ্যাদা অটুট ৰখাৰ স্বাৰ্থত ১৯৯৩ চনৰ ৩০ এপ্ৰিলত প্ৰতিষ্ঠা লাভ কৰে চৰকাৰী পঞ্জীয়নভুক্ত সাংবাদিক সংগঠন ‘ আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়ন ‘ চমুকৈ ‘ আপকু’ । ‘আপকু’ৰ ষষ্ঠদশ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনখন বিশ্বনাথ জিলাৰ গহপুৰ মহকুমা সমিতিৰ আতিথ্যত আৰু গহপুৰবাসী ৰাইজৰ সহযোগত শ্বহীদ নগৰ গহপুৰৰ ঐতিহ্যমণ্ডিত ছয়দুৱাৰ মহাবিদ্যালয়ৰ ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত যোৱা ৯ আৰু ১০ ডিচেম্বৰত অনুষ্ঠিত হৈ যায় । সামৰণিৰ দিনা অধিৱেশনৰ মুকলি সভাত আপকুৰ ফালৰ পৰা ‘ আপকুৰ শ্ৰেষ্ঠ সংগঠক বঁটা -২০২৩’ আপকুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক, আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ উপদেষ্টা , কাৰ্বি আংলং জিলাৰ সদৰ ঠাই ডিফুৰ পৰা দৈনিক প্ৰকাশিত ছ’লাংদ’ কাকত আৰু Axom Today ৰ কাৰ্বি আংলং জিলাৰ লাংহিনৰ সাংবাদিক ৰবিন বৰুৱাক প্ৰদান কৰা হয় । বিগত ২০২২ বৰ্ষত অসম চৰকাৰে তেওঁক সাংবাদিক পেঞ্চন প্ৰদান কৰে । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ জৰিয়তে তেওঁ আপকুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰে ।