লখিমপুৰ,ষ্টাফ ৰিপটাৰ ২৩ ডিচেম্বৰ: ২০১১ চনৰ  ২৩ অক্টোবৰত গঠন হোৱা ‘বিয়লি নামৰ এটি ‘ অনুষ্ঠান অৰ্থাৎ প্রয়াত মুক্তি যুঁজাৰু তীর্থেশ্বৰ হাজৰিকা স্মাৰক ন্যাসে    আজি ২৩ ডিচেম্বৰত বাৰ বছৰ সম্পূর্ণ কৰিলে । বিগত বছৰৰ কাৰ্য কালত বিভিন্ন সময়ত বয়োজেষ্ঠ লোকসকল  বিয়লি নামৰ ন্যাস অনুষ্ঠানটিয়ে  সেৱা শুশ্ৰূষা আগবঢ়াই আহিছে বুলি তেওঁলোকে জনায়। এই উপলক্ষে আজি ন্যাসে দিনজোৰা কাৰ্যসূচীৰে দ্বাদশ বৰ্ষপূতি পালন কৰে । পুৱা দহ বজাত অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব  পৰমেশ দত্তই মুক্তি যোদ্ধা প্রয়াত তীৰ্থ হাজৰিকা দেৱৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে । ডা: নৱকৃষ্ণ ৰাজখোৱাৰ গীত সুৰ পৰিচালনাত বিয়লি’ ন্যাসৰ সদস্যসকলে  চাৰে দহ বজাত সমবেত সঙ্গীতেৰে সভাৰ শুভাৰম্ভ কৰে । ইয়াৰ পাছত আদৰণি ভাষণ আগবঢ়ায় ন্যাসৰক্ষী বিৰিঞ্চি হাজৰিকাই। দিনৰ এঘাৰ বজাত ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ পুষ্পনাথ বৰাই প্রয়াত তীর্থেশ্বৰ হাজৰিকা স্মাৰক গ্ৰন্থ উন্মোচন কৰে ।সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ইটানগৰ ডেৰানাটুং চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বলিনাৰায়ণ ফুকন । নিদিষ্ট বক্তাৰ ভাষণৰ পাছত প্ৰতাপ শৰ্মাই সঙ্গীত পৰিবেশন কৰে ।গীতাচাৰ্য পুৰন্দৰ বৰুৱাই বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰে । সভাত সন্মানীয় অতিথি হিচাপে অৱসৰপ্ৰাপ্ত অধ্যাপিকা দীপিকা বৰগোহাঁই, পাছিঘাট কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নৃপেন ফুকন ,লেখক-নাট্যকাৰ ঘন হাজৰিকা, অৱসৰপ্ৰাপ্ত বিষয়া পি,আই,বি  মহিবুল হুছেইন আৰু  অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা চন্দ্ৰ বৰা আদিৰ লগতে লখিমপুৰৰ বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে । ২৪ আৰু ২৫ ডিচেম্বৰত ৬০ বছৰ উৰ্দ্ধৰ   জেষ্ঠ নাগৰিক সকলক লখিমপুৰৰ খেলমাটিত গুৱাহাটীৰ আলট্ৰাকেয়াৰ ডায়েগ্ন’ষ্টিক চেণ্টাৰে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰিব।