লখিমপুৰ, ২৭ ডিচেম্বৰঃ অসম সাহিত্য সভাৰ  প্ৰথম গৰাকী সভাপতি প্দ্মনাথ গোহাঞি বৰুৱা দিৱসটি কালি   উত্তৰ লখিমপুৰ সাহিত্য সভাই আনুষ্ঠানিক অতি উলহ মালহৰে ভাবে উদযাপন কৰে । উত্তৰ লখিমপুৰ সাহিত্য সভাৰ  সভাপতি বিশিষ্ট  শিক্ষাবিদ লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ  মুকুন্দ ৰাজবংশীয়ে পতাকা উত্তোলন কৰি   কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। পুৱা ৯:৩০ বজাত পদ্মনাথ গোহাঞিবৰুৱাৰ দেৱৰ প্ৰতিচ্ছবিত  বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি  অৰ্পণ কৰে ড৹ বন্তি হাওবৰাই। উত্তৰ লখিমপুৰ সাহিত্য সভাৰ সম্পাদক পদ্মেশ্বৰ চুতীয়াই আঁত ধৰা বক্তৃতানুষ্ঠান উদ্বোধন কৰে জিনিয়াছ একাডেমীৰ ৰেক্টৰ ড° অমিয়া ৰাজবংশীয়ে।  বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্রহণ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ সহযোগী অধ্যাপক ড° প্রাঞ্জল বুঢ়াগোহাঁয়ে। ‘সাহিত্য আৰু দর্শন’ শীর্ষক বিষয়ত বক্তব্য দাঙি ধৰি অধ্যাপকগৰাকীয়ে সাহিত্যবোৰেই দর্শন বুলি মন্তব্য কৰি ভাৰতীয় সাহিত্যৰ কাণ্ডাৰীসকলে দার্শনিক চিন্তাক কেনেদৰে সাহিত্যলৈ ৰূপান্তৰিত কৰিছিল, সেই সম্পর্কে বিস্তৃতভারে ব্যাখ্যা আগবঢ়ায়। তেওঁ কয় যে বেদ-উপনিষদসমূহ সাহিত্য হিচাপে লিখা হোৱা নাছিল, দর্শন হিচাপেই লিখা হৈছিল। ভাষণ প্রসংগত তেওঁ পশ্চিমীয়া সাহিত্যত দর্শন আৰু ঈশ্বৰ সম্পৰ্কে থকা ধাৰণাৰ বিষয়েও কয়। বক্তৃতানুষ্ঠানৰ পূর্বে পদ্মনাথ গোহাঞি বৰুৱাৰ জন্মস্থান লখিমপুৰ নগৰৰ নকাড়ীৰ বাসগৃহত বন্তি প্রজ্বলন কৰাৰ পিচত উত্তৰ লখিমপুৰ সাহিত্য সভা ভৱনত থকা গোহাঞি বৰুৱাৰ প্রতিমূৰ্তিত বন্তি প্রজ্বলন কৰে উত্তৰ লখিমপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° বন্তি গগৈ হাওবৰাই। পতাকা উত্তোলন কৰে উত্তৰ লখিমপুৰ সাহিত্য সভাৰ সভাপতি ড° মুকুন্দ ৰাজবংশীয়ে। ইয়াৰ পিচতে লেখক মুকুল চন্দ্ৰ দত্তৰ গ্ৰন্থ ‘মহাভাৰতৰ আদিপর্বৰ আখ্যান’ উন্মোচন কৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ তথা পদ্মনাথ গোহাঞি বৰুৱাৰ নাতি ৰুক্ম গোহাঞি বৰুৱাই। গ্রন্থ উন্মোচনী সভাত মুক্তিযুঁজাৰু, সত্ৰাধিকাৰ প্রয়াত দয়াকৃষ্ণ
গোস্বামীৰ সহধর্মিণী, সাহিত্যিক পেন্সনাৰ নিৰুপমা গোস্বামীয়ে উত্তৰ লখিমপুৰ সাহিত্য সভাৰ পাঞ্চাল ৰাজবংশী সোঁৱৰণী গ্রন্থাগাৰলৈ আগবঢ়োৱা নশখন গ্রন্থ আনুষ্ঠানিকভাবে গ্রহণ কৰা হয়। সভাত মৰাণ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° অনিল শইকীয়াই লিখা গ্রন্থ উন্মোচনী গীত পৰিবেশন কৰে প্রবীণ কণ্ঠশিল্পী বিনয় বৰুৱা আৰু তেওঁৰ সংগীসকলে। একেটা অনুষ্ঠানতে সমাজকর্মী মৃগেন দত্তই সংৰক্ষণ কৰা তিনিশখন ‘প্রান্তিক’ উত্তৰ লখিমপুৰ সাহিত্য সভাক অর্পণ কৰা হয়। অনুষ্ঠানত মাধবদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° পৰশ গোস্বামীয়ে বক্তব্য দাঙি ধৰে