হাওৰাঘাট,২৯ ডিচেম্বৰ : কাৰ্বি আংলং জিলাৰ লাংহিনৰ লুটুমাৰী গাঁৱৰ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা কাৰ্বি আংলং জিলা এবচুৰ ৫৩ সংখ্যক প্ৰতিনিধি সন্মিলনৰ আজি সফল সামৰণি পৰে । কাৰ্বি আংলং জিলা এবচুৰ সভাপতি কল্যাণ ৰাভা ব্ৰহ্মৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত কৰা হয় । সভাত অতিথি সকলক চিনাকি কৰাই দিয়ে সম্পাদক খৌদৌম(Khwdwm) বসুমতাৰীয়ে । মুকলি সভা উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰীয়ে । সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাৰগৰ্ভ ভাষণ ৰাখে সদৌ বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দ্বীপেন বড়োৱে । এই সভাতেই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সুহাদ্যপূৰ্ণ ভাষণ দিয়ে সমাজকৰ্মী তথা ১৮ নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙে । সভাত সাহিত্য অকাডেমি বঁটা প্ৰাপক ক্ৰমে ড° প্ৰেমানন্দ মোছাহাৰী, অৰবিন্দ উজীৰ আৰু ঋতুৰাজ বসুমতাৰী, কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শান্তিৰাম বসুমতাৰী, বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি বিশ্বেশ্বৰ বসুমতাৰী, কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য শৰৎ ব্ৰহ্ম, জিলা এবচুৰ প্ৰাক্তন সভাপতি উত্তম চন্দ্ৰ ব্ৰহ্ম প্ৰমুখ্যে কৰি কাৰ্বি আংলং জিলা অগ্ৰণী বড়ো সংগঠনৰ বহুকেইজন নেতৃত্বতই অংশগ্ৰহণ কৰে । সন্ধিয়াৰ সময়ত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়