লখিমপুৰ, ৫ জানুৱাৰী ঃ লখিমপুৰ জিলাৰ নাওবৈছাৰ ২ নং কোৱাদঙাত কালি স্বামীয়ে পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাৰ পাছত আজি পুনৰ জিলাখনৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত তাৰিয়নি শেনচোৱাত আজি সংঘটিত হৈছে আন এক লোমহৰ্ষক হত্যাৰ ঘটনা ৷ বগীনদীৰ ২ নং শেনচোৱা গাঁৱত অম্বুৰাম সোণোৱাল [৪০] নামৰ লোকজনে যোৱা নিশা পুত্ৰ ডিম্পল সোণোৱালক [১৮] চোকা দাৰে আঘাত কৰি হত্যা কৰাৰ লগতে নিজেও আত্মহননৰ পথ বাছি লোৱা কাৰ্যই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্য সৃষ্টি কৰাৰ লগতে শোকৰ ছাঁ পৰিছে ৷ বিশেষ সূত্ৰ অনুসৰি পাৰিবাৰিক কন্দল আৰু আৰ্থিক অনাতনৰ বাবেই এই ঘটনা সংঘটিত হয় । এক সূত্ৰই সদৰি কৰা মতে অম্বুৰাম সোণোৱাল ছয় মাহ মানৰ পৰা মানসিক ৰোগত ভুগি আছিল ।তেওঁ প্ৰায়ে হাতত মেচি দা লৈ ঘূৰি ফুৰাৰ লগতে পত্নী তথা পুত্ৰ আৰু কন্যা সন্তান থকা পৰিয়ালটোত অশান্তিৰ সৃষ্টি কৰি আহিছিল৷ যোৱা নিশা পুত্ৰক হত্যা কৰাৰ পূৰ্বে অম্বুৰামে পত্নী আৰু কন্যাক মৰিয়াই ঘৰৰ পৰা খেদি পঠাইছিল৷ এই ঘটনাৰ পিছতে পুত্ৰ আৰু পিতৃৰ মাজত বাক বিতন্দাৰ সৃষ্টি হৈছিল আৰু পিতৃ অম্বুৰামে ঘৰৰ বন্ধ কোঠাৰ ভিতৰত পুত্ৰ ঘপিয়াই হত্যা কৰি নিজেও চিপ লৈ আত্মহত্যা কৰে৷ এই অনাকাংক্ষিত ঘটনাই সমগ্ৰ অঞ্চলটোত আলোড়নৰ সৃষ্টি কৰিছে৷ ইফালে দুপৰীয়া তাৰিয়নি শেনচোৱা গাঁৱত বগীনদী আৰক্ষী উপস্থিত হৈ পিতা-পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।