লখিমপুৰ, ১৯ ফেব্ৰুৱাৰী ; ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে আজি লখিমপুৰ জিলাৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ২৬ জন সুদখোৰক আটক কৰে । আজি এই সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে – আৰক্ষীয়ে ইতিমধ্যে জিলাখনৰ বিহপুৰীয়া থানা এলেকাৰ পৰা ৮ জন , লখিমপুৰ সদৰ থানা এলেকাৰ পৰা ৪ জন নাৰায়ণপুৰ আৰক্ষী চকীৰ এলেকাৰ পৰা ৫ জন, নাওবৈচাৰ পৰা ৫ জন, ঘিলামৰাৰ পৰা ১ জন, ঢকুৱাখনাৰ পৰা ১ জন সুদখোৰ আটক কৰিছে। আৰক্ষীয়ে এই অভিযান কালত সুদখোৰৰ পৰা জব্দ কৰিছে বন্ধকত লোৱা মটৰ চাইকেল, চেক, এ টি এম কাৰ্ড, মাটিৰ দলিল, এল.আই.চি. পলিচি আদি বিভিন্ন তথ্যপাতি । এই সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক মুনিন্দ্ৰ দেউৰী (HQ)য়ে জানিবলৈ দিয়া মতে -যোৱা নিশা অবৈধ সুদখোৰৰ বিৰুদ্ধে আৰক্ষীয়ে এই অভিযান চলাইছিল । উক্ত সুদখোৰ সকলে অনুজ্ঞাপত্ৰৰ নীতি নিয়ম অমান্য কৰি অত্যাধিক সূতত টকা লৈছিল । ৫ৰ পৰা ১৫ শতাংশ পৰ্যন্ত সুত অবৈধ সুদখোৰে ইচ্ছানুসৰি লৈছিল । লখিমপুৰত এক বৃহৎ চক্ৰ এই ব্যৱসায়ৰ লগত জড়িত আছে বুলি উল্লেখ কৰি আৰক্ষীৰ অনুসন্ধান অব্যাহত থকা বুলি সাংবাদিকৰ সন্মুখত সদৰি কৰে

Home অসম আৰু উত্তৰপূব লখিমপুৰত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান জিলাখনৰ ভিন্ন স্থানৰ পৰা আৰক্ষীয়ে আটক কৰিছে...