২৯ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হ’ল কৃষকৰ দিল্লী চালো অভিযান। ইউনাইটেড কিষাণ মৰ্চা আৰু কিষাণ মজদুৰ মৰ্চাই প্ৰতিবাদকাৰী কৃষকৰ তালিকা প্ৰস্তুত কৰা হ’ব বুলি প্ৰকাশ কৰিছে। ইয়াৰ পিছত নতুন পৰিকল্পনা কৰি এই আন্দোলনক আগুৱাই লৈ যাব। এতিয়াৰ বাবে সকলো কৃষক পঞ্জাৱ হাৰিয়ানা সীমান্তত থাকিব। শনিবাৰে অনুষ্ঠিত হ’ব মমবাতি জ্বলাই প্ৰতিবাদ। সেয়া হ’ব কৃষকৰ মৌন প্ৰতিবাদ। ইয়াৰ পিছত তেওঁলোকৰ দুদিনৰ বাবে বিভিন্ন সংগঠনৰ সৈতে বৈঠকৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব । ইতিমধ্যে কৃষকসকলে এম এছ পিৰ মূল্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। কেন্দ্রীয় চৰকাৰৰ সৈতে কেইবাবাৰো বৈঠকত মিলিত হোৱাৰ পাছতো কোনো সমাধান পোৱা নগ’ল ৷ ইতিমধ্যে চাৰিজন কৃষকৰ মৃত্যু হৈছে। পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ইতিমধ্যে ৫০ লাখ টকাৰ সাহায্য ঘোষণা কৰিছে। মৃত্যু হোৱা চাৰিওজনৰ পৰিয়ালে চাকৰিৰ দাবী জনাইছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জনাইছে যে কেন্দ্ৰীয় চৰকাৰে তিনিজনীয়া এখন সমিতি গঠন কৰিছে, এই কমিটীয়ে কৃষকৰ সৈতে আলোচনা কৰি সকলো সমস্যা সমাধান কৰিব কিয়নো মোডী চৰকাৰে সদায় কৃষকৰ বাবে কাম কৰি আহিছে আৰু কৰি যাব।