লখিমপুৰ, ৫ মাৰ্চ ; সমগ্র অসমৰ লগতে লখিমপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আঞ্চলিক সমিতি সমুহ আৰু মহিলা পৰিষদৰ সহযোগত নাগৰিকত্ব সংশোধনীৰ আইনৰ বিৰুদ্ধে ধর্ণা কাৰ্য সূচীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । দুই শতাধিক যুৱ-ছাত্ৰ পৰিষদৰ কৰ্মীয়ে হাতে হাতে কা’ বিৰুধী প্লে কাৰ্ড আৰু শ্লগানেৰে লখিমপুৰ জিলাৰ আয়ুক্ত কাৰ্যলয়ৰ চৌহদ কঁপাই তোলে । পৰিষদৰ অভিযোগ – কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ইতিমধ্যে ধৰ্মৰ ভিত্তিত বিদেশী লোকক নাগৰিকত্ব প্ৰদান কৰা বাবে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা সংসদত গৃহীত কৰিছে। অসাংবিধানিক, অগণতান্ত্রিক, সাম্প্রদায়িক এই আইন খন বলবৎ হলে অস্তিত্বৰ সংকটত থকা অসমীয়া জাতিটো চিৰদিনলৈ নিঃশেষ হব। সেয়েহে অসমীয়া জাতিধংসী এই আইন বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ধাৰাবাহিক প্রতিবাদ সাৱস্ত্য কৰাৰ লগতে আইন খন বাতিলৰ বাবে ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰি ন্যায়িক যুঁজ অব্যাহত ৰাখিছে। কিন্তু পৰিতাপৰ বিষয় যে সমাগত লোক সভা নিৰ্বাচনৰ প্ৰাক মূহুর্ত কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে চলিত মার্চ মাহৰ প্ৰথম ভাগত নাগৰিকত্ব সংশোধনী আইনৰ বিধি বলবৎ কৰাৰ ষড়যন্ত্ৰ কৰিছে। বর্তমানেও উচ্চতম ন্যায়ালয়ত উক্ত আইন বাতিল বাবে ৰুজু কৰা গোচৰ বিচাৰাধীন হৈ থকা অৱস্থাত এনেদৰে আইনখন বলবৎ কৰিব লোৱাটো সম্পূর্ণ আইন বিৰোধী। তাৎপর্যপূর্ণ বিষয় যে কেন্দ্রীয় চৰকাৰে বিগত চাৰি বছৰ ধৰি মহামান্য উচ্চতম ন্যায়ালয়ত চলি থকা উক্ত গোচৰ আগবাঢ়াই নিয়াৰ কোনো সদিচ্ছা প্রকাশ কৰা নাই। বতর্মান সময়ত কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে সম্পূৰ্ণ অবৈধ আৰু স্বেচ্ছাচাৰীতাৰে কাৰ বিধি বলবৎ কৰিব বিছাৰিছে। কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ এই অবৈধ সংবিধান বিৰোধী, ন্যায় ব্যৱস্থা বিৰোধী ষড়যন্ত্র মূলক সিদ্ধান্তক আমি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে তীব্র গৰিহণা জনাই আইনখন বাতিলৰ দাবী জনাই ৰাষ্ট্ৰপতিলৈ এক স্মাৰক পত্ৰ লখিমপুৰ জিলাৰ আয়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰে । আজি এই ধর্ণা কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰদীপ শৰ্মা আৰু লখিমপুৰ জিলা সমিতিৰ সভাপতি ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ক্ৰমে হিৰণ্য দত্ত আৰু ৰাজু পুৰ্তিয়ে
Home অসম আৰু উত্তৰপূব লখিমপুৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিসদৰ উত্তাল প্ৰতিবাদ ৰাষ্ট্ৰপতিলৈ...