লখিমপুৰ, ষ্টাফ ৰিপটাৰ ৭মাৰ্চ : ‘কা’ বিৰোধিতাৰ নামত একাংশ সুবিধাবাদিয়ে পুনৰ আন্দোলনৰ কাৰ্য্যসূচী ঘোষণা কৰাৰ লগতে এই আইনখন বিৰোধিতাৰ কৰাৰ নামত পুনৰ সুবিধা বুটলিবলৈহে চেষ্টা চলাইছে বুলি ‘কা’ বিৰোধী সকলে । আজি কা বিৰোধী সংগঠনৰ বিৰুদ্ধে এই বিৰুপ মন্তব্য প্ৰকাশ কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে । পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে এক প্ৰেছ বিবৃতিৰ জৰিয়তে সংগঠনটোৰ নেতাদয়ে কয় যে যে – পূৰ্ব্বতে ‘কা’ আইনৰ জৰিয়তে দুই কোটি বঙালী হিন্দু অসমলৈ অনা হব আৰু খিলঞ্জীয়া লোকৰ ভূমিত সেই সকল লোকক সংস্হাপিত কৰিব বুলি অপপ্ৰচাৰ চলাই কিছু সংখ্যক অসমীয়া লোকক সন্মুখত লৈ বাংলাদেশী মুছলমানৰ দ্বাৰা ৰাজ্যখন অশান্ত কৰাৰ ওপৰিও চৰকাৰী সামগ্ৰী তথা ৰাজ্যখনৰ সম্পদ সমূহ ধ্বংস কৰা বুলি মন্তব্য কৰে বৈশ্যই আৰু দাসে। আন্দোলনৰ নামত ৰাজ্যখনত ধ্বংসলীলা চলাবলৈ শক্রৰাষ্ট চীন আৰু পি এফ আইৰ পৰা ধন লৈ ৰাজনৈতিক ক্ষমতা দখলৰ সপোন ৰূপায়ন কৰাৰ ভণ্ডামীৰ নগ্ন স্বৰূপ ওলাই পৰাৰ পিছতো পুনৰ ‘কা’ আন্দোলনৰ নামত সক্ৰিয় হোৱাতো ‘শিয়াল চৰিত্র’ বুলি আখ্যা দিয়ে সংগঠনটোৰ নেতাদ্বয়ে। একেটা বিবৃতিতে বৈশ্য আৰু দাসে কয় যে ইমান দিনে গাপ মাৰি থকা ‘কা’ বিষয়টোৱে নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত পুনৰ গা জোকাৰি উঠা কথাটোৱে প্ৰমাণ কৰে যে ‘কা’ বিৰোধী আন্দোলনৰ নামত একাংশ ধূৰ্ত্তই নিৰ্বাচন কেন্দ্ৰীক ৰাজনৈতিক উদ্দেশ্য পূৰণ কৰিবলৈ চেষ্টা চলাইছে। তেনে ধূৰ্ত্তসকলে যাতে ‘কা’ বিৰোধিতাৰ আৰত নিজৰ নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিব নোৱাৰে, তাৰ বাবেও জনসাধাৰণক দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে পৰিষদৰ নেতাদ্বয়ে। তেওঁলোকে লগতে কয় যে-‘কা’ আইন প্ৰৱৰ্তন কৰিম বুলি ভোট আদায় কৰা চৰকাৰৰ এইটো প্ৰাথমিক দায়িত্ব হৈ পৰে যে আইনখন যিমান পাৰে সোনকালেই প্ৰণয়ণ কৰিব লাগে আৰু ইয়াৰ বিৰোধিতা কৰা সকলে আইনৰ জৰিয়তে প্ৰত্যাহ্বান নজনাই যদি ৰাজপথত উশৃংখল পৰিবেশৰে আন্দোলনৰ নামত জনতাক হাৰাশাস্তি কৰে, তেন্তে তেনে কৰা সকলৰ বিৰুদ্ধে অতি কঠোৰ পদক্ষেপ লব লাগে বুলি বৈশ্য আৰু দাসে বিবৃতিটোত উল্লেখ কৰে।