লখিমপুৰ, ২১ মাৰ্চ :লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ ঘনিষ্ঠ ঠিকাদাৰে নাওবৈচাত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ যে নাওবৈচা বিধানসভা সমষ্টিৰ কৰুণাবাৰী আৰু নাওবৈচা উন্নয়ন খণ্ডৰ অধীনস্থ বিভিন্ন এলেকাত ১৫ টাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম চলি আছে। কেন্দ্ৰ সমূহৰ নিৰ্মাণৰ কাম কৰাৰ বেলিকা লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ অতি ঘনিষ্ঠ বিজেপি পালিনেতা জনৈক গুপ্তাৰ সম্পৰ্কীয় জোঁৱায়েকৰ নামত ঠিকাত জড়িত হৈ ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগত এতিয়া নাওবৈচাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । জানিব পৰা মতে সাংসদ প্ৰদান বৰুৱাই গুপ্তা আৰু জনৈক আগৰৱালা নামৰ দুজনক অংগনৱাড়ী কেন্দ্ৰসমূহৰ নিৰ্মাণ কৰিবলৈ দায়িত্ব দিয়ে। সেই অনুসৰি ,১ নং পাভ চাৰিআলি,২১৩ নং ডিজু বাগান,২৭৪ নং টুনিজান বাগান,৯ নং খ্ৰীষ্টান বস্তি,২৬৮ নং উত্তৰ সুন্দৰী,৩ নং ইছলামপুৰ,১৪৫ ন্ টেঙেলীয়া চুবুৰী,৪ নং মাজগাঁও দঙিবিল,২২ নং কৃষ্ণপুৰ দেউৰী,আহোম চূক,১ নং ফুলবাৰী বস্তি,ৰৌমৰীয়া,শ’লমৰীয়া,১৩৭ নং গফুৰ হাজী চুবুৰী মৌলবী চূক আৰু ৩ নং ইছলামপুৰ ব্লক(এ) নং ১০ কেন্দ্ৰকেইটা নিৰ্মাণৰ বাবে প্ৰতিটোৰ বিপৰীতে ২৫ লাখ টকাকৈ আবন্টন দিয়া হৈছিল। কিন্তু কেন্দ্ৰ সমূহৰ নিৰ্মাণৰ কামত স্থানীয় আৰু নিবনুৱা বিজেপি কৰ্মী অথবা যুৱ মৰ্চাৰ কৰ্মীসকলক বঞ্চিত কৰি সাংসদ প্ৰদান বৰুৱাই গোপন মিতিৰালিৰে তেওঁৰ ঘনিষ্ঠ জনৈক গুপ্তা উপাধি নামৰ ঠিকাদাৰক কামসমূহ কৰিবলৈ সুবিধা কৰি দিয়াক লৈ ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে। গুৰুত্বপূৰ্ণ অভিযোগ হ’ল কেন্দ্ৰ সমূহৰ অধিকাংশই নিৰ্মাণৰ বেলিকা প্ৰাককলনক অংগুষ্ঠ প্ৰদৰ্শন কৰি আবন্টন দিয়া ধনৰ সিংহভাগেই ঠিকাদাৰে উদৰস্থ কৰিছে। অভিযোগ অনুসৰি,২২ নং কৃষ্ণপুৰ দেউৰী গাঁৱত নিৰ্মাণ কৰা অংগনৱাড়ী কেন্দ্ৰটো নিৰ্মাণৰ বেলিকা ফলা শিলৰ পৰিৱৰ্তে নদীৰ শিলবালি, গাভৰু নদীৰ পৰা সংগ্ৰহ কৰা আইৰণযুক্ত শিলবালিৰ ব্যৱহাৰ,১২ মিলিমিটাৰ জোখৰ ৰডৰ ঠাইত ৮-১০ মিলিমিটাৰ জোখৰ ৰড ব্যৱহাৰ কৰা, মাটিৰ তলৰ পৰা প্লিন্থ নিৰ্মাণ নকৰি মাটিৰ ওপৰত বীম নিৰ্মাণ কৰি তাৰ ওপৰত চিমেণ্টৰ ইটা লগোৱা,লোৰ কেঁচিসমূহত প্ৰাইমাৰ,ৰং নলগোৱাকৈ টিনপাত লগোৱাৰ পাছত ৰাইজৰ অভিযোগ অনুসৰি টিনপাত খুলি ৰং সানি পুনৰ একেবোৰ টিনপাত লগোৱাত সেই দুৰ্বল হৈ পৰা টিনপাতৰ স্থায়ীত্বক লৈ ক্ষুব্ধ হৈ উঠা সচেতন ৰাইজে তদন্তৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। প্ৰায়বোৰ কেন্দ্ৰত দুইনম্বৰী ইটা ব্যৱহাৰ কৰা, নিৰ্ধাৰিত জোখৰ টিনপাত-লোৰ কেঁচি নলগোৱা আদি অসংখ্য অনিয়ম সংঘটিত কৰাৰ স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। আনহাতে, আদৰ্শ অংগনৱাড়ী কেন্দ্ৰসমূহৰ নিৰ্মাণৰ কামত সংশ্লিষ্ট গাঁৱৰ স্থানীয় লোকক নিৰ্মাণ সমিতিৰ সভাপতি হিচাপে দায়িত্ব দি সুচাৰুৰূপে কাম কৰিব লাগে যদিও বিভাগীয় নীতি নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি ব্যক্তিগত লাভালাভৰ লক্ষ্যৰে লখিমপুৰ জিলা যুৱ মৰ্চাৰ সভাপতি পীযুছ বৰুৱাক আটাইকেইটা অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ সমিতিৰ সভাপতিৰূপে ৰাখি মুনাফা লুটাৰ অভিযোগ উঠিছে । নাওবৈচা বিধানসভা সমষ্টিৰ বাহিৰৰ ব্যক্তি পীযুছ বৰুৱাক নীতি বহিৰ্ভূতভাৱে ১৫ টাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ কামত সভাপতি পাতি সাংসদ বৰুৱাৰ আশীৰ্বাদপুষ্ট ঠিকাদাৰে স্থানীয় যুৱ মৰ্চাৰ কৰ্মী অথবা বিজেপি দলৰ কৰ্মীক এলাগী কৰা কাৰ্য আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে। মন কৰিবলগীয়া যে, নিজকে সাংসদ প্ৰদান বৰুৱাৰ ঘনিষ্ঠ ব্যক্তিৰ ৰূপত ধনৰ বলত বিজেপিৰ নাওবৈচাৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনী প্ৰতিদ্বন্দিতাত নামিবলৈ চেষ্টা চলোৱা গুপ্তা উপাধি নামৰ লোকজনে আত্মীয়ৰ নামত বিভিন্ন বিভাগৰ ঠিকা ঠুকলিৰ কামত জঁপিয়াই পৰি স্থানীয় যুৱকক বঞ্চিত কৰা কাৰ্য নাওবৈচাৰ বিজেপি দলৰ বহুসংখ্যক বিজেপি কাৰ্যকৰ্তাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে আদৰ্শ অংগনৱাড়ী কেন্দ্ৰসমূহৰ নিৰ্মাণৰ কাম লখিমপুৰ জিলাৰ আয়ুক্তগৰাকীক নিৰপেক্ষভাৱে তদন্তৰ ব্যৱস্থা কৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে
Home অসম আৰু উত্তৰপূব লখিমপুৰৰ নাওবৈচাত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ : নিম্নমানৰ...