লখিমপুৰ ,৮ এপ্ৰিল : দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ লখিমপুৰত এখন নিৰ্বাচনী প্ৰচাৰসভাত অংশগ্ৰহণ কৰিব ৷ ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশলোৱাৰ উদ্দেশ্যে দিল্লীৰপৰা বিমানেৰে লীলাবাৰীত পদাৰ্পণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহ ৷ দলীয় এক সুত্ৰই সদৰী কৰা অনুসৰি লীলাবাৰী বিমানবন্দৰত বিয়লি প্ৰায় ১:৩০ বজাত বিমানৰে অৱতৰণ কৰাৰ পিছতেই হেলিকপ্তাৰেৰে আহিব চুকুলীভৰীয়াৰ সভাস্হলীলৈ ৷ লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত শদিয়া আৰু ডুমডুমাক বাদ দি বাকী লখিমপুৰ আৰু ধেমাজি জিলাৰ ৭ টা বিধানসভা সমষ্টিৰ প্ৰায় একলাখ লোকৰ সমাৱেশ ঘটিব নিৰ্বাচনী সভাখনত ৷ কাইলৈৰ অনুষ্ঠিতব্য নিৰ্বাচনী প্ৰচাৰ সভাখনত মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ,ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে প্ৰমুখ্যে কৰি বহুকেইগৰাকী দলীয় নেতাই অংশগ্ৰহণ কৰিব ৷ লখিমপুৰৰ পৰা পোনে পোনে গৃহমন্ত্ৰীয়ে ৰাওনা হ’ব তিনিচুকীয়ালৈ ৷ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে লখিমপুৰৰ আৰক্ষীয়ে ৷ গৃহমন্ত্ৰীৰ ভ্ৰমণ উপলক্ষে কাইলৈ যাতায়াতৰ সূচলতাৰ বাবে যান-বাহনৰ যাতায়াতৰ ব্যৱস্থা আৰক্ষী প্ৰশাসনে নিৰ্দ্ধাৰণ কৰিছে । আৰক্ষীয়ে জনোৱা অনুসৰি কাইলৈ চৰাইমৰীয়াৰ পৰা দুর্গা মন্দিৰলৈকে সাধাৰণ যাত্ৰীৰ বাবে পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে বাইপাছ বন্ধ থাকিব ৷ইফালে ডিব্রুগড় ধেমাজি ফালৰ পৰা অহা গাড়ী চৰাইমৰিয়াইদি সোমাই মৈদমীয়া ক্লকটাৱাৰ-মালপানী-খেলমাটি হৈ দুর্গামন্দিৰত প্ৰৱেশ কৰিব ৷ বিশ্বনাথৰ ফালৰ পৰা অহা গাড়ী দুর্গা মন্দিৰ লখিমপুৰ টাউনলৈ সোমাই শিৱমন্দিৰ, লখিমপুৰ কলেজহৈ সদৰ থানাৰ সন্মুখৰে আৱৰ্ত ভৱন , জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু ক্লকটাৱাৰ মৈদমীয়াহৈ চৰাইমৰীয়াত প্ৰৱেশ কৰিব পাৰিব ৷ সোমবাৰৰ নিশা ১০ বজাৰ পৰা কাইলৈ সন্ধিয়া ৭ বজালৈকে গধুৰ যান-বাহনৰ চলাচল নিষিদ্ধ থাকিব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷৷
Home অসম আৰু উত্তৰপূব আজি লখিমপুৰলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰদান বৰুৱাৰ হৈ বিশাল নিৰ্বাচনী...










