লখিমপুৰ, ৯ এপ্ৰিল ঃ দেশৰ অন্যান্য আগশাৰীৰ ৰাজ্যৰ দৰে অসম এখন সমৃদ্ধিশালী ৰাজ্যলৈ পৰিণত হৈছে ৷ অসমত এতিয়া উগ্ৰবাদ, হৰতালৰ পৰিবেশ নাই, এক শান্তিৰ বাতাবৰণ গঢ়ি উঠিছে আৰু বিকাশৰ গতি তড়াম্বিত হৈছে৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ উপৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ, পৰিৱৰ্তনৰ বাবে নিৰন্তৰ ভাবে কাম কৰিছে । অসমৰ বিকাশ তেতিয়া মানিব পৰা যায়, যেতিয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ হয় । আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ১২ নং লখিমপুৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি লখিমপুৰৰ চুকুলিভৰিয়াস্থিত বাণিজ্য মহাবিদ্যালয়ৰ অনুষ্ঠিত বিজয় সংকল্প সমাবেশৰ এক বিশাল জনসভাত অংশ গ্ৰহণ কৰি এনেদৰে কয় । বিশাল জনসভাক সম্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কয়- কংগ্ৰেছৰ ৰাহুল বাবাই কোৱাৰ দৰে অসমৰ সংস্কৃতি কংগ্ৰেছে ৰক্ষা কৰা নাই৷ বিজেপিয়েহে ৰক্ষা কৰিছে৷ অসমৰ পৰ্যটন উদ্যানৰ সুৰক্ষা আৰু বিকাশ সাধন কৰি অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিলে৷ মোগলৰ হাতৰ পৰা অসম ৰক্ষা কৰা বীৰ লাচিত বৰফুকনক বছৰ বছৰ ধৰি শাসন কৰা কংগ্ৰেছ চৰকাৰে কোনো মৰ্যদা নিদিলে৷ কিন্তু বিজেপি চৰকাৰে লাচিতৰ গগনচুম্বী প্ৰতিমূৰ্তি প্ৰতিষ্ঠা, লাচিতৰ বীৰত্বৰ কাহিনী দেশৰ ২৩টাকৈ ভাষাৰ কণ কণ ল’ৰা-ছোৱালীৰ পাঠগ্ৰহনৰ অংশ হৈ পৰিল৷ দহ বছৰ ধৰি ছোনিয়া মনমোহন চৰকাৰে অসমক কি দিলে বুলি প্ৰশ্নৰ অৱতাৰণা কৰি গৃহমন্ত্ৰী শ্বাহে কয়- ২০০৪ চনৰ পৰা ২০১৪ চনলৈ ১০ টা বছৰত অসমৰ বিকাশৰ কাৰণে কংগ্ৰেছ চৰকাৰে ১লাখ ৬২ হেজাৰ কোটি টকা দিছিল কিন্তু ইয়াৰ বিপৰীতে মোডী চৰকাৰে বিগত ১০ বছৰত ৪ লাখ ১৫ হেজাৰ কোটি টকা আগবহালে । উত্তৰ পূৰ্বাঞ্চললৈ ৭০ বাৰৰো অধিক সময় উপস্থিত হৈ দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰো ভাগ্য সলনি কৰিলে৷ নৰেন্দ্ৰ মোদী চৰকাৰে বিভিন্ন বিদ্ৰোহী সংগঠনৰ লগত ১০টাকৈ শান্তি চুক্তি সম্পাদন কৰি ৯ হেজাৰ যুৱক যুৱতীক মূল সুঁতিলৈ ঘূৰাই আনে আৰু বৰ্তমান সেই সকল সমাজ উন্নয়নৰ লগত জড়িত হৈ পৰিছে । বিগত দহ বছৰীয়া এনডিএ চৰকাৰৰ দিনত প্ৰথম পৰ্যায়ত ১ লাখ ৭২ হাজাৰ কোটি আৰু দ্বিতীয় পৰ্যায়ত ৪ লাখ ১৫ হাজাৰ কোটি এই অঞ্চললৈ আবণ্টন দি উন্নয়নৰ এক নতুন মাত্ৰা প্ৰদান কৰিলে৷ অসম চৰকাৰে সত্ৰৰ ভূমি বেদখল মুক্ত কৰি শংকৰদেৱ , মাধৱদেৱৰ সত্ৰীয়া সংস্কৃতি সভ্যতা সুৰক্ষিত কৰিছে । ভাষণ প্ৰসংগত তেও কেন্দ্ৰৰ বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়ন মূলক কামৰ খতিয়ান দাঙি ধৰে । গৃহমন্ত্ৰীগৰাকীয়ে অহা ১৯ এপ্ৰিলৰ ভোট গ্ৰহনত অসমৰ পৰা কমেও ১২ খন আসনত প্ৰাৰ্থী জয়ী কৰোৱাই কেন্দ্ৰলৈ পঠোৱাৰ আশা প্ৰকাশ কৰাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী পাতি চৰকাৰ গঠনৰ অংশীদাৰ হবলৈ আহ্বান জনোৱাৰ লগতে আজিৰ এই জনসভাতেই ৰাইজক বিজয় সংকল্প লবলৈ আহ্বান জনায় । লখিমপুৰৰ প্ৰাৰ্থী প্ৰদান বৰুৱাক পাঁচ লাখ ভোটৰ ব্যৱধানত জয়ী কৰোৱাবলৈ সমবেত জনতাক আহ্বান জনায়৷ গৃহমন্ত্ৰী গৰাকীৰ ভাষণৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ চমু ভাষণত চৰকাৰৰ বিকাশৰ গতিৰ কথা উল্লেখ কৰা লগতে অহা নিৰ্বাচনৰ পিছতেই মহিলাসকলৰ একাউণ্টত পুটুংকৈ ১০ হাজাৰকৈ টকা সোমাই যাব বুলি কোৱাৰ উপৰি কন্যা সকলৰ দায়িত্ব চৰকাৰে লৈ অনাগত দিনত উন্নয়নৰ ধাৰাবাহিক যাত্ৰা অটুট ৰাখিব বুলি মন্তব্য কৰি প্ৰাৰ্থী প্ৰদান বৰুৱাক ৫ লাখ ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ সংকল্পবদ্ধ হবলৈ আহ্বান জনায় । আজিৰ সভাত গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ উপৰি শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু, বিজেপিৰ সভাপতি ভবেশ কলিতা , ৰাজ্য সভাৰ সাংসদ ভুবনেশ্বৰ কলিতা , এম এ চিৰ মুখ্য কার্যবাহী পৰমানন্দ চায়েঙিয়া, ১২ নং লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰভাৰী কেপ্তেইন অভিমৈন্যু চৌধুৰী , বিধায়ক মানৱ ডেকা, ভুৱন পেগু,নৱ দলে , আদি বিজেপিৰ জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
Home অসম আৰু উত্তৰপূব লখিমপুৰত বিজয় সংকল্প সমাবেশত কেন্দ্ৰীয় গৃহমন্ত্ৰী অবিজেপিৰমৃত শ্বাহ ; উত্তৰ পূৰ্বাঞ্চলেই নহয়,...










