নিউজ ডেস্কঃ২৫ এপ্ৰিল;নীতিশ কুমাৰৰ জনতা দল ইউনাইটেডৰ যুৱ নেতা সৌৰভ কুমাৰক পাটনাত নিৰ্বাচনৰ সময়ত গুলীয়াই হত্যা কৰা হয়।
জনা যায় যে সৌৰভ কুমাৰ পাটনাত এখন বিয়ালৈ গৈছিল। তাৰ পৰা বাইকেৰে উভতি আহিছিল। তেওঁৰ লগত আছিল মুনমুন কুমাৰ নামৰ আন এজন যুৱক। হঠাতে পাৰছা বজাৰ অঞ্চলত সৌৰভক ঘেৰি ধৰি চাৰিটা দুষ্কৃতিকাৰীয়ে গুলীচালনা আৰম্ভ কৰে। সৌৰভৰ মূৰত দুটা গুলী আৰু সংগীজনৰ ওপৰত তিনিটা গুলী লাগে। চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে সৌৰভক মৃত বুলি ঘোষণা কৰে। আনজন ব্যক্তিৰ অৱস্থা এতিয়াও সংকটজনক। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। কিয় এই হত্যাকাণ্ড সংঘটিত হৈছে সেয়া স্পষ্ট হোৱা নাই। স্থানীয় অঞ্চলটোৰ চিচিটিভি ফুটেজ তদন্ত কৰি বন্দুকধাৰী চাৰিওজন দুৰ্বৃত্তক বিচাৰি উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ইফালে ঘটনা পোহৰলৈ অহাৰ লগে লগে বিহাৰৰ বিভিন্ন অঞ্চলত জেডিইউৰ নেতা-কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে। নীতিশ কুমাৰৰ দলৰ কৰ্মীসকলে হত্যাকাৰীক শীঘ্ৰে বিচাৰি উলিয়াই উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়।