লখিমপুৰ, ২৭ এপ্ৰিল ; ‘মা বিহীন ঘৰ নহওক,ঘৰ বিহীন মা নহওঁক’ এই শ্লোগানেৰে আজি লখিমপুৰত উদযাপিত হ’ল ২৪৮সংখ্যক ‘মা’ নামৰ এক অনুষ্ঠান। লখিমপুৰ জিলা চিয়াজুলি মাজগাও চিলাৰায় কৃষ্টি ভৱনৰ পৰা শোভাযাত্ৰা কৰি দীৰ্ঘা মাজগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মা অনুষ্ঠান’ৰ এই সজাগতা সভা তথা সেৱা অনুষ্ঠান সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে লখিমপুৰৰ মেচাৰ্চ জি বৰদলৈ এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী গোবিন বৰদলৈয়ে সময়ে সময়ে ভিন্ন প্ৰান্তত’ মা’ অৰ্থাৎ মাতৃ সকলক সেৱা, তথা শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যত এনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। যি সময়ত একাংশ সন্তান- পুত্ৰ বোৱাৰীয়ে নিজৰ পিতৃ -মাতৃক অনাদৰ- অৱহেলা কৰি লাঞ্ছিত কৰি আহিছে সেই সময়তেই গোবিন বৰদলৈ নামৰ এজন লোকে পিতৃ -মাতৃক অনাদৰ অৱহেলা যাতে কোনেও নকৰে তাৰ সজাগতা অনাৰ বাবেই এনেদৰে আয়োজন কৰে এই ‘ মা’ অনুষ্ঠানৰ । আজি অনুষ্ঠিত অনুষ্ঠানত গোবিন বৰদলৈৰ তেওঁৰ জীৱন সংগ্ৰামৰ সন্দৰ্ভত আগবঢ়োৱা বক্তব্যই জ্যেষ্ঠ নাগৰিকক সকলক শোক আবেগিক কৰি তোলে অনুষ্ঠানত মাৰ তৰফৰ পৰা চিয়াজুলি অঞ্চলৰ ৭০ গৰাকী জ্যেষ্ঠ নাগৰিক, মাতৃক সেৱা জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে। মা অনুষ্ঠানত আধুনিক সমাজ ব্যৱস্থাত গঢ় লৈ উঠা বৃদ্ধাশ্ৰম অভিশাপ বুলি উল্লেখ কৰা হয়।
