লখিমপুৰ, ১ মে ; লখিমপুৰৰ চুতীয়া কাৰীৰ পৰা ৰাইজে খেদি খেদি আটক কৰিলে দুই ড্ৰাগছ সৰবৰাহকাৰীক। লখিমপুৰ জিলা চুতীয়াকাড়ী তাৰাকা গৃহ সন্মূখৰ পথাৰত দুজন ড্ৰাগছ সেৱনকাৰীক মৈদমীয়া আৰু চুতীয়াকাড়ীৰ যুৱকসকলে আটক কৰি আৰক্ষীক চমজাই দিয়ে।ড্ৰাগছ সেৱনকাৰী যুৱক দুজন বধাকৰাৰ ২৪ বছৰীয়া তুতু পাটিৰ আৰু ২৪ বছৰীয়া নিপু পাটিৰ।যুৱক দুজনৰ পৰা এটা চিৰিঞ্জ, ৭ টা খালী কণ্টেনাৰ, এটা চাধা টেমা, এটা ভাং খাবলৈ ব্যৱহাৰ কৰা হোকা উদ্ধাৰ হৈছে।যুৱক দুজনে নিজ মুখেৰে ড্ৰাগছ সেৱন কৰিবলৈ অহাৰ কথা স্বীকাৰ কৰিছে। ইতিমধ্যে দুয়োজন যুৱককে আৰক্ষীয়ে লখিমপুৰ সদৰ থানালৈ লৈ যায়