লখিমপুৰ, ১৪ মে’ — ৰাজ্যৰ চৌদিশে সেউজ ধৰণী গঢ় দিয়াৰ উদ্দেশ্যত চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ সময়তে লখিমপুৰৰ একাংশ অসৎ প্ৰকৃতিৰ লোকে সোৱণশিৰিপৰীয়া অঞ্চলসমূহত থকা শিমলু গছকে ধৰি বিভিন্ন মূল্যবান গছ-গছনি কাটি নিঃশেষ কৰাৰ প্ৰক্ৰিয়া নিৰন্তৰভাৱে চলাই গৈছে। শেহতীয়াকৈ লখিমপুৰ জিলা বন বিভাগৰ বিষয়া-কৰ্মীৰ দুৰ্বল ভূমিকাৰ সুযোগ লৈ জিলাখনৰ পূব তেলাহী, ঘূনাসুঁতি আৰু ভীমপৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত সোৱণশিৰিপৰীয়া গাঁওসমূহত অবাধ ৰূপত একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে মুক্তৰূপত বনজ সম্পদৰ ধ্বংসলীলা চলোৱা ঘটনাই সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে । তথ্যমতে, যোৱা বহু বছৰ ধৰি একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে উল্লিখিত গাঁও পঞ্চায়ত এলেকাসমূহত থকা মূল্যবান শিমলু, আজাৰ, গমাৰি গছকে ধৰি প্ৰায় সকলো প্ৰজাতিৰ গছ অত্যাধুনিক গছ কটা মেচিনেৰে দিন-ৰাতি একাকাৰ কৰি ধাৰাসাৰ ৰূপত কাটি তাৰ পৰা উলিওৱা কাঠ সোৱণশিৰি নদীৰ বুকুৱেদি নাৱৰ জৰিয়তে লখিমপুৰ নগৰলৈ বুলি দৈনিক সৰবৰাহ কৰি আহিছে। এই সন্দৰ্ভত স্থানীয় ৰাইজৰ অভিযোগ লাভ কৰিও লখিমপুৰ জিলা বন বিভাগে এনে অবৈধ কাৰ্য প্ৰতিৰোধত আজিকোপতি যথোপযুক্ত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নাই। এই সন্দৰ্ভত উল্লিখিত অঞ্চলসমূহৰ একাংশ সচেতন লোকে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে – অঞ্চলটোৰ একাংশ লোকে বিশেষকৈ মাটি দখল কৰাৰ উদ্দেশ্যেৰে যোৱা প্ৰায় দুবছৰ ধৰি বিভিন্ন অজুহাত দেখুৱাই তথা বন বিভাগৰ দুৰ্বল ভূমিকাৰ সুযোগ গ্ৰহণ কৰি অতি সংগোপনেৰে তিনিওটা পঞ্চায়ত এলেকাৰ অধীনস্থ বিভিন্ন গ্ৰামাঞ্চলত থকা মূল‍্যৱান শিমলু, এজাৰ, গমাৰি, মজ আদি বিভিন্ন জাতৰ গছ কাটি লখিমপুৰ নগৰৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ সোৱণশিৰি নদীৰে নিশা পাৰাপাৰ কৰি জিলাব্যাপী চুৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাইছে। বিশেষকৈ বনৰীয়া জীৱ জন্তু চৰিবৰ বাবে বাফাৰ লেণ্ড হিচাপে চৰকাৰীভাবে সংৰক্ষিত কৰি ৰখা হৈছিল সোৱণশিৰিৰ পাৰৰ উক্ত বনভূমি। বাৰিষা তথা খৰালিকালত কাজিৰঙা অভয়াৰণ্য বা অন্য বিভিন্ন ঠাইৰ পৰা অহা বনৰীয়া জীৱ-জন্তু, চৰাই চিৰিকটি আদিয়ে সোৱণশিৰিৰ পাৰৰ এই বনভূমিতে সচৰাচতে আশ্ৰয় লৈ আহিছে। পিচে অবৈধভাৱে ধন আহৰণ কৰিব বিচৰা একাংশ লোকে সোৱণশিৰিপৰীয়া এই অঞ্চল সমূহত থকা গছ গছনি কাটি বৰ্তমান তহিলং কৰাত সোৱণশিৰি পৰীয়া তিনিওখন পঞ্চায়ত এলেকাৰ প্ৰতিখন গাঁৱৰ অস্তিত্বৰ প্ৰতি বৃহৎ সংকট নামি আহিছে। বিগত সময়ত জিলা বন বিভাগে সোৱণশিৰিৰ পাৰে পাৰে থকা শ শ জোপা সৰু বৰ শিমলু গছ এক দুষ্ট চক্ৰই কাটি ৰমৰমীয়া ব্যৱসায় চলোৱা সন্দৰ্ভত জ্ঞাত হৈ মাজে সময়ে উল্লিখিত পঞ্চায়ত এলেকাৰ গাঁৱে গাঁৱে গৈ অভিযান চলাইছিল যদিও যোৱা কেইবামাহ ধৰি বন বিভাগৰ এই অভিযান ৰহস্যজনকভাৱে বন্ধ হৈ আছে। যাৰ অচিলাতে সোৱণশিৰি পৰীয়া বৃহত্তৰ অঞ্চলটোত ধাৰাবাহিক ভাৱে অব্যাহত থকা বন ধ্বংস অভিযানে আগত দিনত অঞ্চলব্যাপী সেউজ পৰিৱেশ ধ্বংস কৰাতো নিশ্চিত হৈ পৰিছে।