লখিমপুৰ ১৯ মে ঃ লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত ভীমপৰা চাপৰি তথা গৰৈমাৰী কনুৱা গাৱৰ এগৰাকী কিশোৰীক কেইদিনমানৰ পূৰ্বে দুবৃৰ্ত্তই অপহৰণ কৰি নিয়াৰ পিছত অপহৃত কিশোৰীগৰাকীক অৱশেষত অৰুণাচলৰ দুৰ্গম অঞ্চলৰ পৰা লখিমপুৰ আৰক্ষীয়ে শনিবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আজি এই সন্দৰ্ভত লখিমপুৰৰ আৰক্ষী অধীক্ষকে নিজ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি কয় যে আৰক্ষীয়ে বহু চেষ্টাৰ মূৰত অপহৃত কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে অপহৰণ কাৰ্যৰ লগত জড়িত দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে তদন্তৰ খাতিৰত আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে গ্ৰেপ্তাৰ হোৱা অপহৰণকাৰীৰ নাম ঠিকনা উল্লেখ কৰাৰ পৰা বিৰত থাকে৷ ঘটনাৰ বিৱৰণী অনুসৰি এটা পষেক পূৰ্বে গৰৈমাৰীৰ এই ১২ বছৰীয়া কিশোৰীগৰাকী আইতাকৰ লগত লখিমপুৰ মেডিকেল কলেজলৈ বুলি আহি থকাৰ পথত বগীনদীৰ পৰা এখন মাৰুতি এলট্ৰ গাড়ীয়ে আইতাক আৰু কিশোৰীগৰাকীক গাড়ীত উঠাই দুবৃৰ্ত্তই অৰুণাচলৰ দিশে অপৰহৰণ কৰি নিয়ে৷ অপহৰণকাৰীয়ে আইতাক আৰু নাতিনীয়েকক লখিমপুৰ মেডিকেল কলেজত নমাই দিয়াৰ প্ৰলোভনেৰে গাড়ীত উঠাই লয়৷ ইফালে কিছুদুৰ নিয়াৰ পিছত আইতাকক দুবৃৰ্ত্তই অৰুণাচল প্ৰদেশৰ আপাৰ জুমিত পথৰ কাষত এৰি থৈ যোৱাৰ বিপৰীতে কিশোৰীগৰাকীক অৰুণাচলৰ কিমিন পথেৰে দুৰ্গম অঞ্চললৈ লৈ যায়৷ এই সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালে বগীনদী আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছত লখিমপুৰৰ আৰক্ষী অধীক্ষকে গুৰুত্ব সহকাৰে অপহৰণ কাৰ্যৰ অনুসন্ধান কৰি নাওবৈচা, বগীনদী আৰু লখিমপুৰ আৰক্ষীৰ সহযোগত শনিবাৰে কিশোৰীগৰাকীক অৰুণাচল প্ৰদেশৰ কুৰুং কামেং জিলাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষী অধীক্ষকগৰাকীয়ে আজি সংবাদমেলত সদৰি কৰা অনুসৰি আৰক্ষীয়ে বিভিন্ন স্থানত চিচি টিভিৰ কেমেৰাৰ পম খেদি উক্ত অপহৰণ কাৰ্যৰ লগত জড়িত দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু আৰক্ষীৰ অনুসন্ধানত এই কথা পোহৰলৈ আহিছে যে অৰুণাচলৰ কুৰুং কামেং জিলাত কিশোৰীগৰাকীক অপহৰণকাৰীয়ে ১লাখ ২০ হাজাৰ টকাত এঘৰ লোকক বিক্ৰী কৰাৰ লগতে অপহৰণ কাৰ্যত জড়িত এখন এলট্ৰ গাড়ী উদ্ধাৰ হয়৷ এই সন্দৰ্ভত আৰু একাধিক লোক জড়িত আছে আৰু তেওঁলোকক শীঘ্ৰে আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ তদুপৰি চিলনীবাৰী আৰু নাৰায়ণপুৰৰ পৰা পূৰ্বে সন্ধানহীন হোৱা এগৰাকী মহিলাৰ লগতে এগৰাকী কিশোৰীকো শেহতীয়াকৈ লখিমপুৰ আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ দৰিদ্ৰতাৰ সুযোগ লৈ একাংশ লোকে অৰুণাচলত লখিমপুৰ জিলাৰ বহু ভিতৰুৱা অঞ্চলৰ কিশোৰী, যুৱতী আদিক ধনৰ বিনিময়ত বিক্ৰী কৰি আহিছে আৰু এইক্ষেত্ৰত ৰাইজক সজাগ আৰু সচেতন হ’বলৈয়ো আৰক্ষী অধীক্ষকজনে আহ্বান জনায়