লখিমপুৰ ষ্টাফ ৰিপটাৰ ২৩ মে ঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ এজন লোকে চিলনীবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিবলৈ যোৱাৰ সময়ত উক্ত এজাহাৰকাৰীক চিলনীবাৰী আৰক্ষীয়ে ন্যায় দিয়াৰ পৰিৱৰ্তে দুব্যৱহাৰ কৰাৰ এক অভিযোগ উত্থাপিত হৈছে৷ ইতিমধ্যে নাওবৈচাৰ খনাজান আহোম গাঁৱৰ নিবাসী নৃপেন কোঁৱৰ নামৰ এই লোকজনে উক্ত ঘটনাৰ বিষয়ে সবিশেষ জনাই ডিজিপিলৈ আবেদন পত্ৰ প্ৰেৰণ কৰিছে৷ নৃপেন কোৱৰে এজাহাৰত উল্লেখ কৰা অনুসৰি তেওঁৰ পত্নী আৰু পুত্ৰ নিৰুদ্দেশ হোৱা সন্দৰ্ভত যোৱা ১২ মে’ত চিলনীবাৰী আৰক্ষীৰ কাষ চাপে৷ চিলনীবাৰী আৰক্ষীয়ে বিষয়টো গুৰুত্ব নিদিয়াত ১৫ মে’ত তেওঁ পুনৰ চিলনীবাৰী আৰক্ষী চকীত উপস্থিত হোৱাৰ সময়ত আৰক্ষীচকীখনৰ এ এছ আই কফিলউদিন সৰকাৰ আৰু এগৰাকী বেটেলিয়ান জোৱানে নৃপেন কোঁৱৰক মাৰধৰ কৰি আঁঠু কঢ়াই হেণ্ডকাফ লগাই শাস্তি প্ৰদান কৰা বুলি ডিজিপি লৈ নিপেণ কোঁৱৰে অভিযোগ প্ৰেৰণ কৰিছে৷ চিলনীবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো গুৰুত্ব নিদিয়াত উপায়ন্তৰ হৈ নৃপেন কোঁৱৰে ১৭ মে’ত লখিমপুৰ আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল কৰে৷ শেহতীয়াকৈ আৰক্ষী অধীক্ষকজনেও এই ক্ষেত্ৰত কোনো সহাৰি নজনোৱাত নৃপেন কোঁৱৰে ডিজিপি কাৰ্যালয়লৈ দুয়োখন এজাহাৰ হোৱাটচএপ নম্বৰত প্ৰেৰণ কৰে৷ ইয়াৰ পিছতে চিলনীবাৰী আৰক্ষীয়ে নৃপেন কোঁৱৰৰ ঘৰত উপস্থিত হৈ তেওঁকহে পুনৰ থানালৈ উঠাই নিব বিচাৰে বুলি অভিযোগ কৰিছে৷ এইক্ষেত্ৰত ভূক্তভোগী লোকজনে মুখ্যমন্ত্ৰীৰ সহায়ৰ আহ৩ান জনাইছে৷ লখিমপুৰৰ চিলনীবাৰী আৰক্ষীয়ে ন্যায় দিয়াৰ পৰিৱৰ্তে বাৰে বাৰে নৃপেন কোঁৱৰক দুব্যৱহাৰ কৰা কাৰ্যই সমগ্ৰ অঞ্চলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷