গুৱাহাটী,৫ জুনঃ লোকসভা নিৰ্বাচনৰ ফলাফলত অসমৰ ১৪টা সমষ্টিত বিজেপি মিত্রজোঁটে ১১ খন আসন আৰু কংগ্ৰেছে ৩ খন আসন লাভ কৰে। বিজেপিয়ে নিজাকৈ ৯ খন আসন লাভ কৰাৰ লগতে মিত্রদল অগপই এখন আৰু ইউ পি পি এলে এখন আসন লাভ কৰে। ইফালে ধুবুৰীত তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমল অভিলেখ ভোটৰ ব্যৱধানত কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ হাতত পৰাজিত হ’ল। সমষ্টি অনুযায়ী গুৱাহাটী সমষ্টিত বিজেপিৰ বিজুলী কলিতা মেধিয়ে লাভ কৰে ৮,৯৪,৮৮৭টা ভোট। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে ৬,৪৩,৭৯৭টা ভোট লাভ কৰি দ্বিতীয় স্থানত থাকে। বৰপেটা সমষ্টিত অগপৰ ফণীভূষণ চৌধুৰীয়ে ৮,৬০,১১৩টা ভোট লাভ কৰি জয়ী হয়। আনহাতে কংগ্ৰেছৰ দীপ বায়নে লাভ কৰে ৬,৩৭,৭৬২টা ভোট কৰি দ্বিতীয় স্থানত থাকে। দৰং-ওদালগুৰি সমষ্টিত বিজেপিৰ দিলীপ শইকীয়াই ৮,৬৮,৩৮৭টা ভোট লাভ কৰি জয়যুক্ত হয়। আনহাতে কংগ্ৰেছৰ মাধৱ ৰাজবংশীয়ে ৫,৩৯,৩৭৫টা ভোট লাভ কৰি দ্বিতীয় স্থানত থাকে। ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ ৰকিবুল হুছেইনে অভিলেখ সংখ্যক ১৪,৭১,৮৮৫টা ভোট লাভ কৰি জয়ী হয়। তেওঁ তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমলক পৰাস্ত কৰে। এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে লাভ কৰে ৪,৫৯,৪০৯টা ভোট। ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ সৰ্বানন্দ সোণোৱালে ৬,৯৩,৭৬২টা ভোট লাভ কৰে। তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈক ২,৭৯,৩২১টা ভোটৰ ব্যৱধানত পৰাভূত কৰে। আনহাতে অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈয়ে ৪,১৪,৪৪১টা ভোট লাভ কৰে।
ডিফু লোকসভা সমষ্টিত বিজেপিৰ অমৰসিং টিছ’ৱে ৩,৩৪,৬২০টা ভোট লাভ কৰি জয়ী হয়। আনহাতে নিৰ্দলীয় প্ৰাৰ্থী জে আই কাঠাৰে লাভ কৰে ১৮৭০১৭টা ভোট। যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ গৌৰৱ গগৈয়ে ৭,৫১,৭৭১টা ভোট লাভ কৰি জয়ী হয়। আনহাতে বিজেপিৰ তপন কুমাৰ গগৈয়ে লাভ কৰে ৬,০৭,৩৭৮টা ভোট। কৰিমগঞ্জ লোকসভা সমষ্টিত বিজেপিৰ কৃপানাথ মাল্লাই ৫,৪৫,০৯৩ ভোট লাভ কৰি জয়যুক্ত হয়। কংগ্ৰেছৰ হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে ৫,২৬,৭৩৩টা ভোট লাভ কৰি দ্বিতীয় স্থানত থাকে। কাজিৰঙা লোকসভা সমষ্টিত বিজেপিৰ কামাখ্যা প্ৰসাদ তাছাই ৮,৯৭,০৪৩টা ভোট লাভ কৰি জয়ী হয়। কংগ্ৰেছৰ ৰ’জলিনা তিৰ্কীয়ে লাভ কৰে ৬,৪৮,০৯৬টা ভোট। কোকৰাঝাৰ লোকসভা সমষ্টিত ইউ পি পি এলৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে ৪,৮৮,৯৯৫টা ভোট লাভ কৰি জয়ী হয়। বি পি এফৰ খাম্ফা বৰগয়াৰীয়ে লাভ কৰে ৪,৩৭,৪১২টা ভোট। লখিমপুৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰদান বৰুৱাই ৬,৬৩,১২২টা ভোট লাভ কৰি জয়ী হয়। কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকাই লাভ কৰে ৪,৬১,৮৬৫টা ভোট। নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈয়ে ৭,৮৮,৮৫০টা ভোট লাভ কৰি জয়যুক্ত হয়। বিজেপিৰ সুৰেশ বৰাই লাভ কৰে ৫,৭৬,৬১৯টা ভোট। শিলচৰ লোকসভা সমষ্টিত মন্ত্রী পৰিমল শুক্লবৈদ্যই ৬,৫২,৪০৫টা ভোট লাভ কৰি জয়ী হয়। কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰে লাভ কৰে ৩,৮৮,০৯৪টা ভোট। শোণিতপুৰ লোকসভা সমষ্টিত বিজেপিৰ ৰঞ্জিত দত্তই ৭,৭৫,৭৮৮টা ভোট লাভ কৰি জয়ী হয়। কংগ্ৰেছৰ প্ৰেমলাল গঞ্জুৱে লাভ কৰে ৪,১৪,৩৮০টা ভোট।